বানপানীৰ মোকাবিলা কৰিবলৈ চলোৱা প্ৰস্তুতি সন্দৰ্ভত  সচিবালয়ত ৰাজ্যিক পর্যালোচনা সভা 

বানপানীৰ মোকাবিলা কৰিবলৈ চলোৱা প্ৰস্তুতি সন্দৰ্ভত  সচিবালয়ত ৰাজ্যিক পর্যালোচনা সভা 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  চলিত বৰ্ষত বানপানীৰ মোকাবিলা কৰিবলৈ চলোৱা প্ৰস্তুতি সন্দৰ্ভত আজি এখন ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে তেওঁৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এই সভাত সভাপতিত্ব কৰে। সভাত মুখ্য সচিবগৰাকীয়ে বানপানী প্রশমন ব্যৱস্থা সন্দৰ্ভত সংশ্লিষ্ট প্ৰতিটো বিভাগ, কেন্দ্রীয় এজেন্সী তথা অন্যান্য সংস্থাসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে আগন্তুক দিনত জিলা প্ৰশাসনৰ পৰা বিচৰা সুবিধা সম্পর্কতো বুজ লয় ।  সভাৰ আৰম্ভণিতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব তথা অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্রিপাঠীয়ে বিভিন্ন বিভাগ, কেন্দ্রীয় সংস্থা, জিলা প্রশাসনে আগবঢ়োৱা তথ্যৰ আধাৰত পাৱাৰ পইণ্ট প্রেজেণ্টেচনৰ মাধ্যমত বানপানীৰ মুখামুখি হ’বৰ গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কত মুখ্য সচিবক অৱগত কৰে। লগে লগে মুখ্য সচিবে সভাত উপস্থিত থকা প্ৰতিটো বিভাগ, সংস্থাৰ প্ৰতিনিধিসকলৰ লগত তেওঁলোকে বানপানীৰ মুখামুখি হ’বলৈ লোৱা ব্যৱস্থা সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰি বিভিন্ন সময় নিদ্ধাৰিত নিৰ্দেশনা দিয়ে বানাক্ৰান্ত লোকসকলৰ বিশেষকৈ নৱজাতক, শিশু, গৰ্ভৱতী মহিলাৰ খাদ্যৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়েতদুপৰি বি এছ এন এল, সেনা বাহিনী, নীপকো, ভাৰতীয় খাদ্য নিগম, ইউনিচেফ, স্বাস্থ্য বিভাগক বিভিন্ন নির্দেশনা দিয়াৰ লগতে কামৰূপ মহানগৰ জিলাৰ ৱেলিং পাম্পসমূহ সম্পৰ্কত তৎকালীনভাৱে প্রতিবেদন প্রস্তুত কৰিবলৈও নিদের্শনা দিয়ে। তদুপৰি জনসচেতনতাৰ বাবে সজাগতা অভিযান চলোৱাৰ ওপৰতো মুখ্য সচিবগৰাকীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰে। পূৰ্বতকৈ অধিক দক্ষতা, দূৰদৰ্শী চিন্তা আৰু সকলো বিভাগ, সংস্থাই সম্পূর্ণ সহযোগিতাৰে কাৰ্য সম্পাদন কৰিলে সম্ভাৱ্য বিপদৰ ক্ষয়ক্ষতিৰ পৰিমাণ লক্ষণীয় হাৰত হ্ৰাস কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মুখ্য সচিগৰাকীয়ে সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনায়।  আজিৰ সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি, পশু পালন আৰু পশু চিকিৎসা, মহিলা আৰু শিশু বিকাশ, জল সম্পদ, লোক নির্মাণ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, জনসংযোগ আদি বিভাগৰ লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, এন ডি আৰ এফ, সেনা বাহিনী, বি এছ এন এল, নীপকো, ব্ৰহ্মপুত্ৰ বোৰ্ড, ভাৰতীয় খাদ্য নিগম, ইউনিচেফকে ধৰি সংশ্লিষ্ট বিভাগ, এজেন্সী তথা সংস্থাসমূহৰ প্ৰতিনিধিসকল উপস্থিত  থাকে।