বানপানীৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ(ম)জিলা প্ৰশাসনৰ সভা

বানপানীৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ(ম)জিলা প্ৰশাসনৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত শৰ্মাৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন সভা অনুষ্ঠিত হয় । সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে আগন্তুক সম্ভাব্য বানপানীৰ সময়ত বিভিন্ন বিভাগসমূহে লবলগীয়া দায়িত্বসমূহৰ কথা উল্লেখ কৰে । তদুপৰি কিছুদিন পূৰ্বে হৈ যোৱা প্ৰলয়ংকাৰী ঘূৰ্ণী বতাহ”ৰেমল”ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এলেকাসমূহৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীৰ শলাগ লয় । একেদৰে ধুমুহা,বানপানী, ভূমিস্খলনৰ ফলত কামৰূপ মহানগৰ জিলাৰ অধিক ক্ষতিগ্ৰস্থ হ’বপৰা এলেকাসমূহৰ জনসাধাৰণক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰাৰ কথা ব্যক্ত কৰে । জিলাখনৰ অধীনস্থ ৰাজহ চক্ৰ বিষয়াসকলকো যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু থাকিবলৈ আহ্বান জনায় । ইতিমধ্যে প্ৰাকৃতিক দুৰ্যোগৰ পৰা জনসাধাৰণক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহনী (এন ডি আৰ এফ )আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ ) সাজু কৰি ৰখা হৈছে ।সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব হেমাশ্ৰী হাজৰিকাই সংশ্লিষ্ট বিভাগসমূহক নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়ে । আজিৰ সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া কৌস্তভ তালুকদাৰৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷