বানত ডুব গ’ল গুৱাহাটী

বানত ডুব গ’ল গুৱাহাটী

ৰঙিলী বাৰ্ত্তাসেৱা- বানত ডুব গ’ল ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী । যোৱা প্ৰায় ৪৮ ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত । মুষলধাৰ বৰষুণৰ লগতে বতাহে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ বাসিন্দাৰ সা-সম্পত্তি ধ্বংস কৰে। এই মহাদুর্যোগত মহানগৰীত শিশু-মহিলাসহ পাঁচজনৰ প্ৰাণহানি হয়। মহানগৰীৰ দতালপাৰাৰ নতুন বস্তিত পাহাৰৰ পৰা নামি অহা পানীৰ ধলে গার্ডৱাল ভাঙি এটি শিশুৰ মৃত্যু হৈছে। মৃত শিশুটিৰ নাম দ্বীপজ্যোতি বড়ো (১০)। গার্ডৱাল ভাঙি পৰাত শিশুটিৰ বায়েক তানিয়া বড়ো গুৰুতৰভাৱে আহত হয়। সম্প্রতি তানিয়া জিএমচিএইচত চিকিৎসাধীন হৈ আছে। আনহাতে, বোন্দাই চপাইডঙৰ দৈমুগুৰিত মাতৃ-কন্যাৰ ভূমিস্খলনত প্রাণহানি হোৱাৰ লগতে মালিগাঁৱতো এজন লোকৰ মৃত্যু হয়। দৈমুগুৰিৰ ৩৫ বছৰীয়া পুনম গোস্বামী আৰু চাৰি বছৰীয়া কন্যা নীলাক্ষি গোস্বামীৰ ভূমিস্খলনত মৃত্যু ঘটে। তেওঁলোকৰ সমীপতে থকা চাৰি বছৰীয়া কন্যা ৰঞ্জিতা বড়োৰ ভূমিস্খলনত প্রাণহানি হয়। আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ ২২খনকৈ জিলাত ৰেড এলার্ট জাৰি কৰা হৈছিল। একেলেথাৰিয়ে মাজনিশাৰে পৰা অহা বৰষুণে মহানগৰী গুৱাহাটীৰ বিস্তীর্ণ অঞ্চলত কৃত্রিম বানৰ সৃষ্টি কৰে। কৃত্রিম বানৰ প্ৰৱণতা ইমানেই ভয়ানক আছিল যে খানাপাৰাৰ পৰা বৰাগাঁও পর্যন্ত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ সম্পূর্ণ পানীয়ে বুৰাই পেলায়। একেদৰে মহানগৰীৰ ৱায়াৰলেছ, ৰুক্মিণীগাঁও, হাতীগাঁও, পাঞ্জাবাৰী, অনিল নগৰ, নবীন নগৰ, শিলপুখুৰী, বি বৰুৱা কলেজ ৰোড, আমবাৰী, আৰ জি বৰুৱা পথ, লালগণেশ, কাহিলিপাৰা গণেশ টার্নিং, সাতগাঁও, বশিষ্ঠপুৰ, বশিষ্ঠাশ্রম দেৱালয়, চানমাৰি আদি এলেকাত ভয়ংকৰ কৃত্রিম বানৰ সৃষ্টি হয়। ৰুক্মিণীগাঁও, হাতীগাঁও, অনিল নগৰ আৰু বশিষ্ঠপুৰত ৰাইজে জলবন্দী হৈ নিজ গৃহতে আবদ্ধ হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। মহানগৰ জিলা প্রশাসন, এছডিআৰএফ, এনডিআৰএফ আৰু অসম আৰক্ষীয়ে উক্ত অঞ্চলসমূহত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে ৰাবাৰ বোটেৰে বহু অঞ্চলত আবদ্ধ নাগৰিকক ঘৰৰ পৰা উলিয়াই সুৰক্ষিত স্থানলৈ নিয়া পৰিলক্ষিত হ’ল। একেধৰণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ন-মাইল, যোৰাবাট আৰু খানাপাৰাত। মেঘালয়ৰ পাহাৰ অঞ্চলৰ পৰা নামি অহা বৃহৎ পানীৰ ধলে উক্ত তিনিওটা অঞ্চলত প্রবল বানৰ সৃষ্টি কৰে। যাৰ বাবে বহু সময় ধৰি সাধাৰণ ৰাইজৰ লগতে স্কুল বাছতো আবদ্ধ হ’বলগীয়া হ’ল কণ কণ ছাত্র-ছাত্রীসকল। উক্ত অঞ্চলকেইটাত সৃষ্টি হোৱা ভয়ংকৰ বানৰ পানীৰ ধল জুৰিপাৰৰ পিনে নামি অহাৰ পাছত পাঞ্জাবাৰী, ছয়মাইল আদি এলেকাৰ বাসিন্দাসকলে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। একেদৰে চানমাৰিত সৃষ্টি হোৱা সাগৰসদৃশ পৰিস্থিতিৰ মাজতে কেইবাগৰাকীও লোকে পানীৰ মাজেৰে গৈ থকাৰ সময়তে এগৰাকী যুৱতী হঠাতে নলাত পৰি যোৱাত হাহাকাৰৰ সৃষ্টি হয়। অৱশ্যে উপস্থিত ৰাইজে লগে লগে যুৱতীগৰাকীক উদ্ধাৰ কৰাত ভয়ংকৰ বিপদৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ল। একপ্ৰকাৰ মুষলধাৰ বৰষুণৰ বাবে মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যজুৰি জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রা স্তব্ধ হৈ পৰিল। কৃত্রিম বানৰ ভয়াৱহতা ইমানেই আছিল যে মহানগৰীৰ কেইবাস্থানতো ভৰলু নৈৰ গাৰ্ডৱালৰ ওপৰেৰে পানী বাগৰা পৰিলক্ষিত হ’ল। একেদৰে কোবাল গতিত ওখ ঠাইৰ পৰা নামি অহা পানীৰ বাবে ওফন্দি উঠিল বশিষ্ঠাশ্ৰমৰ সন্ধা-ললিতা-কান্তা নৈ। নৈখনৰ ভয়ংকৰ সোঁতে কাষৰীয়া কেইবাটাও অঞ্চলত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰে। কৃত্রিম বানে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ৰুদ্ধ কৰাৰ সময়তে বানক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে নগৰ পৰিক্ৰমা উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মেঘালয়ৰ পৰা নামি অহা বৃহৎ পানীৰ ধলৰ বাবেই গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি অধিক ভয়ানক হৈ পৰা বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে কিছুবছৰ পূৰ্বলৈকে মহানগৰীত কৃত্রিম বান হোৱাৰ পাছত সকলো স্তব্ধ হৈ পৰিছিল। কিন্তু ৰাজ্য চৰকাৰে কৃত্ৰিম বান ৰোধ কৰাৰ বাবে লোৱা বিভিন্ন প্ৰচেষ্টাৰ কাৰণেই আজি বান হ’লেও মহানগৰীৰ এটা অংশৰ যাতায়াত স্তব্ধ হৈ পৰা নাই। মহানগৰীৰ বান নিয়ন্ত্ৰণৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে মেঘালয়ৰ পৰা নামি অহা পানীয়ে মহানগৰীৰ ক্ষতি কৰিব নোৱাৰাৰ বাবে আমি কিছু পদক্ষেপ হাতত লৈছোঁ। কইনাধৰাৰ পৰা গুৰুদ্ধাৰ, পামহী, দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰলৈ মহানগৰীৰ অতিৰিক্ত পানীখিনি বোৱাই নিবলৈ এটা চেনেল উন্নত কৰি থকাৰ লগতে খানাপাৰাৰ পিএনআৰডি অফিচৰ পিছফালৰ পৰা জুৰিপাৰ, শিলসাঁকো, বোন্দাজানলৈ আন এটা চেনেল নির্মীয়মাণ অৱস্থাত আছে। এই দুয়োটা চেনেল সম্পূর্ণ হৈ উঠিলে কৃত্রিম বানৰ প্ৰভাৱ বহুলাংশে কমি যাব। সম্প্রতি কেঁচা নলা খান্দি ৰাষ্ট্ৰীয় ঘাইপথৰ পানীখিনি নিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও কালি নিশাৰ পৰা বহু পৰিমাণৰ পানী মেঘালয়ৰ পৰা নামি আহিছে। যাৰ বাবে নলাকেইটাই পানী যিধৰণে সংবহন কৰিব লাগিছিল, সেইধৰণে কৰা নাই। আমাৰ এটা দীর্ঘম্যাদী পৰিকল্পনা মহানগৰীৰ বান নিয়ন্ত্ৰণৰ বাবে আছে। সকলোৱে চৰকাৰক সহায় কৰিলে নিশ্চয়কৈ মহানগৰীৰ বান নিয়ন্ত্ৰণ হ’ব। অৱশ্যে ইয়াৰ বাবে কিছুসময়ৰ প্ৰয়োজন হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়।