বানত ক্ষতিগ্ৰস্ত সকলক সকলো প্ৰকাৰৰ সেৱাত ব্ৰতী হোৱা সমান্তৰালকৈ দলীয় কাৰ্যপন্থাও আগুৱাই নিছে-অসম প্ৰদেশ বিজেপিয়ে

বানত ক্ষতিগ্ৰস্ত সকলক সকলো প্ৰকাৰৰ সেৱাত ব্ৰতী হোৱা সমান্তৰালকৈ দলীয় কাৰ্যপন্থাও আগুৱাই নিছে-অসম প্ৰদেশ বিজেপিয়ে
‘মোদী চৰকাৰৰ ১১ বছৰ উপলক্ষত -সংকল্পৰ পৰা সিদ্ধিলৈ’ কাৰ্যসূচী আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- বশিষ্ঠ চাৰিআলি স্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস সংবাদ মাধ্যমক অৱগত কৰে যে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী, বিশ্বনেতা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ১১ টা বছৰ গৌৰৱপূৰ্ণ, সমৃদ্ধিশালী ভাৱে আগবঢ়াই লৈ যোৱাৰ উপলক্ষত ৰাজ্যজুৰি জুন মাহত এলানি কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অৱশ্যে ৰাজ্যখনত অব্যাহত থকা ভয়াবহ বান পৰিস্থিতিৰ পৰিৱেশিতত বানাক্ৰান্ত সকলক প্ৰথমে সৰ্বতো প্ৰকাৰৰ সহযোগ প্ৰদান কৰি বান নোহোৱা জিলা সমূহতে এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি অৱগত কৰে ৷’মোদী চৰকাৰৰ ১১ বছৰ- সংকল্পৰ পৰা সিদ্ধিলৈ” কেন্দ্ৰ কৰি নিম্নলিখিত কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হ’ব৷জুন মাহৰ ১০-১১ তাৰিখে মন্ত্ৰী, সাংসদ, বিধায়কৰ উপস্থিতিত সংবাদমেল আয়োজিত হ’ব৷প্ৰত্যেক জিলাতে ১০-২০ জুনৰ ভিতৰত পেছাদাৰীসকলৰ (Professional) সম্মিলনৰ আয়োজিত কৰা হ’ব৷ প্ৰত্যেক মণ্ডলতে ৰাইজৰ সহযোগত “বিকশিত ভাৰতৰ বাবে এক সংকল্প গ্ৰহণ কৰিব, মণ্ডল কাৰ্যনিৰ্বাহকৰ কাৰ্যসূচীত উক্ত বিষয় সন্নিবিষ্ট কৰিব লাগিব আৰু বিকশিত ভাৰতৰ হেতু সংকল্প গ্ৰহণ কৰাৰ লগতে মোদী চৰকাৰৰ ১১ বছৰ- সংকল্পৰ পৰা সিদ্ধিলৈ” কাৰ্যসূচী বিষয়ে ৰাজ্যিক বা জিলাৰ দায়িত্ব প্ৰাপ্ত কাৰ্যকৰ্তাই উপস্থাপন কৰিব৷ প্ৰত্যেক বিধানসভা সমষ্টিত ৰাইজৰ সহযোগত ১০-২০ জুনলৈ কেন্দ্ৰই আগবঢ়োৱা যোজনাসমূহৰ হেতু পঞ্জীয়ন শিবিৰ অনুষ্ঠিত কৰিব৷ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বয়োবন্দন আয়ুষ্মান ভাৰত যোজনাৰ পঞ্জীয়ন ১০০ সুনিশ্চিত কৰিবলৈ প্ৰতি ঘৰে ঘৰে যাব লাগিব৷ এই কাৰ্যসূচীত সন্মানীয় সাংসদ, বিধায়ক, চিইএম, প্ৰাক্তন বিধায়ক, পাৰিষদ, ইএম, জিলা পৰিষদৰ সদস্য তথা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সকলৰ লগতে জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰিব৷ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সফলতাৰ মাপকাঠি সমূহ ১০ জুনৰ দিনা ৰাজ্যিক কাৰ্যালয়ৰ লগতে সকলো জিলা কাৰ্যালয়ত একোটাকৈ প্ৰদৰ্শনী ৰাইজৰ বাবে মুকলি কৰা হ’ব৷ ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ ১৫ জুনৰ পৰা ২০ জুনলৈকে সকলো মণ্ডলতেই যোগ প্ৰশিক্ষণ শিবিৰ আয়োজিত হ’ব৷ ১৬ – ২০ জুনলৈ প্ৰতিটো শক্তিকেন্দ্ৰ পৰ্য্যায়ত, মোদী চৰকাৰৰ ১১ বছৰৰ উন্নয়নৰ যাত্ৰা বিষয়ে একোখনকৈ চোতাল বৈঠক আয়োজন হ’ব৷৫ জুন- বিশ্ব পৰিৱেশ দিৱস৷ গছ পুলি ৰোপণ অভিযান ব্যাপক ৰূপত ৰূপায়ণ কৰা হ’ব৷ “এক পেড় মা কে নাম”ত প্ৰতিজন নিৰ্বাচিত জন প্ৰতিনিধি, দলীয় কাৰ্যকৰ্তা আৰু বে-চৰকাৰী সংস্থা সমূহক জড়িত কৰি গছ পুলি ৰোপনৰ এই অনুষ্ঠানটো সফল কৰি তোলা হ’ব৷ ২৩ জুনত ড॰ শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ পূণ্য তিথি উপলক্ষে -বলিদান দিবসত- প্ৰতিটো বুথত এই অনুষ্ঠান পালন কৰা হ’ব৷ তদনীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দ্বাৰা জাৰি কৰা জৰুৰীকালীন অৱস্থাই এই বৰ্ষত ৫০ বছৰ অতিক্ৰম কৰিব৷ দেশৰ স্মৃতিত ক্ৰুৰতা আৰু গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা সেই ক’লা অধ্যায় আজিও সজীৱ হৈ আছে৷ সেয়েহে প্ৰত্যেক জিলাত উক্ত ক’লা অধ্যায়ৰ উপৰত সভা অথবা আলোচনাচক্ৰ আয়োজন কৰি ৰাইজক অৱগত কৰা হ’ব৷ ইয়াৰ উপৰিও “গণতন্ত্ৰ সেনানী” সকলক সন্মানৰ কাৰ্যসূচী প্ৰতিখন জিলাতে ৰূপায়ণ কৰা হ’ব৷বিভিন্ন স্তৰত প্ৰৱাস ঃ “মোদী চৰকাৰৰ ১১ বছৰ- সংকল্পৰ পৰা সিদ্ধিলৈ” সমগ্ৰ কাৰ্যসূচীত নিম্নলিখিতভাবে প্ৰবাস কাৰ্যক্ৰম অনুষ্ঠিত কৰা হ’ব৷ মুখ্য মহানগৰসমূহত কেন্দ্ৰীয় মন্ত্ৰী, ৰাষ্ট্ৰীয় বিষয়ববীয়া, মুখ্যমন্ত্ৰী, জিলা পৰ্যায়ত ৰাজ্যিক বিষয়ববীয়াসকল, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল আৰু সাংসদ সকল, মণ্ডল পৰ্যায়ত জিলা বিষয়ববীয়াসকল, বিধায়ক, মেয়ৰ, নিৰ্বাচিত জন প্ৰতিনিধিসকল, মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকল, শক্তিকেন্দ্ৰ পৰ্যায়ত মণ্ডল স্তৰৰ পৰা ওপৰৰ বিষয়ববীয়া আৰু জন প্ৰতিনিধিসকল৷এই কাৰ্যক্ৰম সফল ৰূপায়নৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি, সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই ৪ জনীয়া এখন আহ্বায়ক সমিতি গঠন কৰি দিছে- এই সকল হৈছে- ৰাজ্যিক সম্পাদক কৰ্ণাড পুৰকায়স্থ, মুখপাত্ৰ লক্ষ্য কোঁৱৰ, কিশোৰ উপাধ্যায় আৰু প্ৰাক্তন জিলা সভাপতি অভিজিত নাথ৷