বাধাৰ প্ৰাচীৰ – ইভা গন্ধীয়া ফুকন 

বাধাৰ প্ৰাচীৰ

 ইভা গন্ধীয়া ফুকন 

মই মোৰতে বিভোৰ
নিদিবা তুমি বাধা
সহাৰি যদি নোৱাৰা দিব
নীৰৱে আঁতৰি থাকা
মিছাতে বাধাৰ প্ৰাচীৰ নহ’বা
মই মোৰতে বিভোৰ
নিদিবা তুমি বাধা
মই বিচাৰিব খোজো
নিজকে নিজৰ মাজত
য’ত থাকিব সুন্দৰ কেৱল সুন্দৰ
নাই তাত কলুষ কালিমা
মই মোৰতে বিভোৰ
নিদিবা তুমি বাধা
সকলো দিছোঁ তোমাকে সঁপি
মই মোৰ মাজত থকাত
নকৰিবা আপত্তি নকৰিবা অনাদৰ
মই মোৰতে বিভোৰ
নিদিবা তুমি বাধা
বিলৰ পানী মেটেকাৰ দুপনীত
ডুবাই নাৰাখিবা
মোক উশাহ ল’বলৈ দিয়া
মোৰ জ্ঞানৰ জ্যোতিৰে
বিলাই যাব দিয়া ৰূপোৱালি আভা ।