‘বাদ দিয়া হে’ বুলি কবলৈ নাই হাঁহিমুখীয়া মুখ্যমন্ত্ৰীগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যুবাৰ্ষিক

‘বাদ দিয়া হে’ বুলি কবলৈ নাই হাঁহিমুখীয়া মুখ্যমন্ত্ৰীগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যুবাৰ্ষিক

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী।অসমৰ ৰাজনীতিৰ অন্যতম ৰাজনীতিবিদ তৰুণ গগৈ ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। তিনিটাকৈ কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ হাতত লোৱা গগৈয়ে হাঁহি মুখেৰেই পালন কৰিছিল মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব।১৯৬৮ চনত যোৰহাট পৌৰসভালৈ নিৰ্বাচিত হৈ গগৈয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পাছত সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সুদীৰ্ঘ ১৫ বছৰ সময় মুখ্যমন্ত্ৰী হৈ থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল।প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীও আয়োজন কৰা হৈছে।গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত পুৱা ১০-৩০ বজাত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰয়াত নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে নাম-প্ৰসংগৰ লগতে বাইবেল,কোৰাণ আৰু গুৰু চাহিব গ্ৰন্থ পাঠ কৰি বৰেণ্য নেতা গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয়।