বাট – লখিমী শৰ্মা

বাট 
লখিমী শৰ্মা, যোৰহাট
হঠাৎ সি যেন হেৰুৱাই পেলালে ,
সকলো বাটৰ আঁত …
তেনেহ’লে ক’লৈ যাম বুলিনো ইমান দূৰ আগুৱাই আহিল শতদ্ৰু ?
অতদিনে কিছুমান সম্পৰ্ক আৰু কিছুমান অভিলাষী সপোনে তাক দি গৈছিল পথ – নিৰ্দেশনা ।
সন্মোহিত স্তাৱকৰ দৰে সি মাত্ৰ গৈ আছিল অসচেতন খোজেৰে …
জীৱন যেন জীৱন নহয়,
যেন এক গড্ডালিক প্ৰৱাহ।
তাৰ প্ৰিয় সম্পৰ্কই বাট সলাই আজি আন বাটে গ’ল,
সি আলি – দোমোজাত ৰৈ গ’ল,
কিছুমান সম্পৰ্কৰ উমান হেৰাল …
আৰু সপোনবোৰো জানো ক’তনো পলাল…
ধোৱা… ধোৱা…
ভালকৈ জুমি চাইহে সি দেখিলে কুকুৰানেজীয়া সেই সপোনবোৰ,
যিবোৰ সি অ’তদিনে নিজৰ বুলি ভাবি
আছিল , সেইবোৰ আছিল,
গুচি যোৱা সম্পৰ্কটোৱে পিন্ধি থকা ফুলাম চোলা …
আজি তাৰ সন্মুখত বহুত বাট…
বসতি হেৰুওৱা পশুৰ দৰে অবুজ,
ভয়াৰ্ত চাৱনিৰে সি বাটবোৰ চাই আছে ।
সি একো বুজিব পৰা নাই কোনটো সঠিক !
কিছু আত্মিক বিবেচনাৰ বাবেও তাৰ মস্তিষ্ক যুক্তি – আধাৰশূন্য ।
আঃ অসহ্য…
পথবোৰত অন্তহীন যাতায়ত দেখি সি বুজিছিল ৰৈ থকাটো যে ভুল।
কিন্তু যাবইবা ক’লৈ ?
কোনটো তাৰ বাট … ???
মন্দিৰৰ ছিৰিটোতে বহি পৰিছিল সি আৰু সেই জঠৰ গধূলিটো ।
অতীতৰ পথসন্ধিত এৰি অহা বহু বাটৰ কথা সেই ৰাতি মনত পৰিছিল শতদ্ৰুৰ ….
যিবোৰ বাট গন্তব্য বুলি নিৰ্বাচন কৰা নহ’ল …
সেইবোৰ বাটেদি যোৱা হ’লে আজি তাৰ সম্ভাৱ্য অৱস্থান কি হ’লহেতেন বাৰু ?
এটা দুটাকৈ সি কেইবাটাও শতদ্ৰুক দেখা পালে ।
সিহঁতবোৰে হাঁহি আছিল …
সি হাঁহিব পৰা নাছিল …
” ডেকাবন্ধু উঠা , ৰাতি পুৱাল । “,
ৰঙা বস্ত্ৰ পৰিহিত এজন সন্নাসীৰ মাতত সি সাৰ পালে ।
অনুচ্চ স্বৰত জঁটাধাৰীয়ে কৈ গ’ল,
তুমি য’ৰ পৰা আৰম্ভ কৰিছিলা তাৰ পৰা ,
আজি তুমি য’ত আছা তালৈ তুমি অহাটোৱেই একমাত্ৰ পোনপটীয়া পথ ।
ভুল কৰাটো জীৱনৰ অৱধাৰিত শুদ্ধ । তাক লৈ অধিক নাভাবিবা ।
বৰ্তমানক লৈ তোমাৰ যি ভ্ৰম তাৰ কাৰণ হৈছে লক্ষ্যহীনতা ।
উঠা , সন্মুখলৈ চোৱা , আকৌ লক্ষ্য থিৰ কৰা ।
লক্ষ্য , প্ৰয়োজনীয় কাম
আৰু প্ৰয়োজনীয় মানুহ
এই তিনিটাহে
তোমাৰ আপোন ।
বাকী সকলো সপোন , অলীক সপোন ….
শতদ্ৰু থিয় হ’ল ।
সঁচাকৈ সি যাব লগা বাট এটা দেখিছে …
সন্নাসীয়ে কৈ থাকিল,
‘ এইবাৰ পিছলৈ নাচাবা ।’
জীৱনে দিয়া এইটোৱেই আটাইতকৈ সহজ চৰ্ত ।
তুমি য’তে আছা,
তাৰপৰাই এটা নতুন যাত্ৰাৰ আৰম্ভণি কৰিব পাৰা ।
আগবাঢ়া ।
‘ শতদ্ৰুৱে নতুন বাটেৰে খোজ দিলে…
প্ৰতিটো খোজত
মনৰ মাজত এপাহকৈ ৰঙা ভেঁট ফুলিল ।