বাট তুমি- আয়নাল হক ,ধুবুৰী 

P.C kaggle
বাট তুমি
 =====
বাট তুমি
যান-বাহন,পথাচাৰীৰ ভাৰ বহন কৰি
নিশ্চলভাৱে থাকা পৰি।
কিমান যে আঘাত কান্ধ পাতি
যাত্ৰাৰ শুভক্ষণক লোৱা আদৰি –!
কেতিয়াবা মালবাহী গাড়ীবোৰৰ অত্যাচাৰত
ক্ষত-বিক্ষত হয় তোমাৰ শুকান পিঠি,
তথাপিও নীৰৱ তুমি।
কেতিয়াবা আপদীয়া বানপানীয়ে
খণ্ড-বিখণ্ড কৰা তোমাৰ দেহটো
যাত্ৰাৰ বাবে অচল হৈ থাকে পৰি
পৰিত্যক্ত হৈ তুমি
নিজৰ আৰোগ্যৰ কথা থাকা ভাবি।
তোমাৰ দেহৰ খলা-বমাতে
উদণ্ড যাত্ৰীৰ অঘটন ঘটে সততে।
তুমি সাক্ষী হৈ ৰোৱা সেই ক্ষণবোৰৰ –!
কোন দোষী–কোন নিৰ্দোষী
সাৰিব নোৱাৰে তোমাৰ দৃষ্টিত।
কিন্তু আচৰিত লাগে এটা কথাত–
ৰথী-মহাৰথীৰ আগমনৰ বতৰা পালেই
তোমাক সজ্জিত কৰা হয় অনন্য ৰূপত,
নতুন নতুন পোছাক পিন্ধাই
তোমাৰ আঘাতবোৰ লুকুৱাই ৰখা হয়
যেন তুমি সদায় থাকা হাঁহি।
কি কৰিবা–
তুমি বাকৰুদ্ধ–তুমি নীৰৱ –!
ৰ’দে-বৰষুণে  তিতি-বুৰি
সকলো আঘাত সহ্য কৰি
তুমি হৈ থাকা সকলোৰে সাৰথি
কাৰণ বাট তুমি…।