বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোত তিনিবাৰকে সদন স্থগিত

 বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোত তিনিবাৰকে সদন স্থগিত

ৰঙিলী বাৰ্ত্তাসেৱা-  এ পি এছ চিৰ কেলেংকাৰী, ছিণ্ডিকেট আৰু ডিটেনশ্যন কেম্পক লৈ বুধবাৰে উত্তাল হ’ল অসম বিধানসভাৰ মজিয়া। যাৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তিনিবাৰকৈ সদন স্থগিত ৰাখিবলৈ বাধ্য হয়। উল্লেখ্য যে বুধবাৰে সদনৰ প্রশ্নোত্তৰ কাল শেষ হোৱাৰ পাছতে শাসকীয়  বিজেপি দলৰ বিধায়কসকলে অসম লোকসেৱা আয়োগৰ (এপিএছচি) কেলেংকাৰী সম্পৰ্কত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই দাখিল কৰা প্ৰতিবেদনৰ ওপৰত সদনত আলোচনাৰ দাবী উত্থাপন কৰে। ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে উমৰাংছ’ৰ কয়লাখনি দুর্ঘটনা, চিপিআই (এম)-এ ছিণ্ডিকেট, এআইইউডিএফে ডিটেনশ্যন কেম্প আৰু ৰাইজৰ দলে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সম্পৰ্কত আলোচনাৰ বাবে সদন স্থগিতৰ প্ৰস্তাৱ আগবঢ়ায়। কিন্তু বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে যিহেতু সদনত ৰাজ্যপালৰ ভাষণৰ ওপৰত আলোচনা হ’ব, সেয়ে আন সকলোধৰণৰ আলোচনা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ অগ্রাহ্য কৰে। বিৰোধীয়ে উত্থাপন কৰা সভা স্থগিত প্রস্তাবো তেওঁ একেই কাৰণতে অগ্রাহ্য কৰে। বিধানসভাৰ অধ্যক্ষৰ এই ৰুলিঙৰ পাছতে শাসক আৰু বিৰোধী উভয়পক্ষই অধ্যক্ষৰ আসনৰ সন্মুখলৈ গৈ নিজ নিজ দাবীৰ সমৰ্থনত অটল থাকি সদনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। বিৰোধীয়ে তেওঁলোকৰ দাবীৰ সমৰ্থনত প্লে-কাৰ্ড পর্যন্ত প্রদর্শন কৰে। সদনত শাসক-বিৰোধীয়ে এনে হুলস্থুলৰ পৰিপ্ৰেক্ষিতত বিধানসভাৰ অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে। ১০ মিনিট পাছত পুনৰ সদন আৰম্ভহোৱাত শাসক আৰু বিৰোধী উভয়পক্ষই একেই পৰিস্থিতিৰ সৃষ্টি কৰাত অধ্যক্ষ দৈমাৰীয়ে দ্বিতীয়বাৰৰ বাবে ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে। ১০ মিনিট পাছত সদন আৰম্ভ হোৱাত একেই পৰিৱেশে বিৰাজ কৰে। অধ্যক্ষই শাসক-বিৰোধী উভয়পক্ষক নিজ নিজ আসনলৈ গৈ তেওঁলোকৰ বক্তব্য দিবলৈ আহ্বান জনায় যদিও সকলোৱে অধ্যক্ষৰ আসনৰ সন্মুখতে হুলস্থুল কৰি থাকে। সদনৰ পৰৱৰ্তী কাৰ্যসূচী আগুৱাই নিয়াৰ ক্ষেত্ৰত আহি পৰা বাধাৰ বাবে অধ্যক্ষ দৈমাৰীয়ে তৃতীয়বাৰ ২০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয়। ২০ মিনিট পাছত সদনৰ কাৰ্যসূচী আৰম্ভ হোৱাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উমৰাংছ’ৰ কয়লাখনি দুর্ঘটনা, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্রতিবেদন, ছিণ্ডিকেট, ডিটেনচন কেম্প আটাইবোৰ বিষয় সদনত আলোচনাৰ বাবে চৰকাৰ সাজু আছে বুলি উল্লেখ কৰি অধ্যক্ষক এই আলোচনাৰ বাবে সময় নির্ধাৰণ কৰিবলৈ আহ্বান জনায়। সদনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই আশ্বাস দিয়াত সদনৰ পৰিৱেশ স্বাভাৱিক হৈ পৰে। সদনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে যোৱা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত বিধানসভাৰ অধিৱেশনত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা কথাখিনি যাতে ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা আলোচনাত ক’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অখিল গগৈক ১০ মিনিট সময় দিবলৈ অধ্যক্ষক আহ্বান জনায়। ইপিনে,সদনত মন্ত্রীয়ে বক্তব্য দি থকাৰ সময়তে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে বিধায়ক অখিল গগৈক ১০ মিনিটৰ বাবে নিলম্বন কৰা হয়। উল্লেখ্য যে গুৱাহাটীৰ পানী যোগান ব্যৱস্থাক লৈ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত উত্তৰ দি থকাৰ সময়তে বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত সেই সময়ত অধ্যক্ষৰ আসনত থকা বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে বিধায়ক গগৈক ১০ মিনিটৰ বাবে সদনৰ পৰা নিলম্বিত কৰে।