বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধার্য পুঁজি ৪৯৪০ কোটি টকা বৃদ্ধি

বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধার্য পুঁজি ৪৯৪০ কোটি টকা বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে লোকসভাত দাখিল কৰা ২০২৫-২৬ চনৰ সাধাৰণ বাজেটত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১,০৫, ৮৩৩.২৮ কোটি টকা ধাৰ্য কৰিছে। কেন্দ্রীয় বিভিন্ন মন্ত্ৰালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সুকীয়াকৈ ধার্য কৰা এই ধনৰাশি যোৱা বছৰ অন্তৰ্বর্তী বাজেটত ধার্য কৰা বাজেটতকৈ সামান্য বেছি। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটত বিত্তমন্ত্রী নির্মলা সীতাৰমণে ১,০০,৮৯৩.২৩ কোটি টকা ধাৰ্য কৰিছিল। বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেটত অসমৰ বাবে সুখবৰটো হৈছে নামৰূপ সাৰ কাৰখানাত চলিত বিত্তীয় বর্ষত নতুন গোট স্থাপন কৰা হ’ব। বাজেট ভাষণত এই কথা সদৰী কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বহু প্রতীক্ষিত চতুর্থ গোটটোৱে উৎপাদন কৰিব বছৰি ১২.৭ লাখ মেট্রিকটন ইউৰিয়া সাৰ। আনহাতে প্রতি বছৰৰ দৰে ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেটতো সীতাৰমণে অসমৰ চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ বাবদ ৬৬.৮৭ কোটি টকা আবণ্টন কৰিছে। কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰালয়ৰ বাবে ধাৰ্য কৰা হৈছে সর্বমুঠ ৫,৯১৫ কোটি টকা। যোৱা বছৰৰ বাজেটত ধাৰ্য কৰা হৈছিল ৫,৯০০ কোটি টকা। ড’নাৰ মন্ত্ৰালয়ৰ বাবে ধাৰ্য কৰা এই পুঁজিৰ পৰা উত্তৰ-পূব পৰিষদৰ আঁচনিসমূহৰ বাবে ব্যয় কৰা হ’ব ৮২২ কোটি টকা। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিত ব্যয় কৰা হ’ব ২,৪৮১ কোটি টকা। অনুৰূপভাবে পি এম ডিভাইন আঁচনিত ২,২৯৬.৯৬ কোটি টকা ব্যয়ৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ড’নাৰ মন্ত্রালয়ৰ বাবে ধাৰ্য কৰা পুঁজিৰ পৰাই বড়ো, কাৰ্বি আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদসমূহৰ বাবে বিশেষ উন্নয়ন পুঁজি আগবঢ়োৱা হৈছে। লক্ষণীয়ভাৱে বড়োলেণ্ডৰ বাবে যোৱা বছৰ ধাৰ্য কৰা ১৭৪.৬৬ কোটি টকা এইবাৰ ৫০ কোটি টকালৈ হ্রাস কৰা হৈছে। কার্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ক্রমে ৫০ আৰু ১০০ কোটি টকা ধাৰ্য কৰা হৈছে। যোৱা বছৰ দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ বাবে ক্রমে ৫০ আৰু ৬০ কোটি টকা ধাৰ্য কৰা হৈছিল। একেদৰে নৰ্থ-ইষ্ট ৰিজিঅ’নেল এগ্রিকালচাৰেল মার্কেটিং কর্প’ৰেচন লিমিটেড, নর্থ ইষ্টার্ন হেণ্ডিক্রাফ্টছ এণ্ড হেণ্ডলুমছ কৰ্প’ৰেচন ডেভেলপমেন্ট আৰু নেডফিৰ বাবে ক্রমে ৫ কোটি, ৪৪.৫৮ কোটি আৰু ৮০ কোটি টকা ধাৰ্য কৰা হৈছে । ইপিনে কেন্দ্রীয় বিভিন্ন বিভাগ তথা মন্ত্রালয়ৰ ভিতৰত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২০২৫-২৬ বিত্তীয় বর্ষত সর্বাধিক ১৯,৪৯৯ কোটি টকা ধাৰ্য কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণৰ বাবে ১৩,৩৯৪.৪৬ কোটি আৰু কৃষি গৱেষণা আৰু শিক্ষাৰ বাবে ৬৫৪.১৮ কোটি টকা ধাৰ্য কৰা হৈছে। একেদৰে গ্রামোন্নয়ন শিতানত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিত্তমন্ত্রী সীতাৰমণে ৯,০২৯.২২ কোটি টকা ধাৰ্য কৰিছে। বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষাত ক্রমে ৭,৪৯৭.৪৫ কোটি আৰু ৪,০২০.৮৫ কোটি টকা ধাৰ্য কৰিছে। আনহাতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে৭,৩০০.৭০ কোটি টকা ধাৰ্য কৰা হৈছে । পানীয় জল আৰু অনাময় ব্যবস্থাপনাৰ বাবে ৬,৮২৮.৫৯ কোটি টকা ধাৰ্য কৰা হৈছে। একেদৰে নাৰী আৰু শিশু কল্যাণত বিত্তমন্ত্রী সীতাৰমণে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২,৬১৫.৩৮ কোটি টকা ধাৰ্য কৰিছে। লক্ষণীয়ভাবে অনুসূচিত জনজাতি অধ্যুষিত হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধাৰ্য কৰা হৈছে মাত্র ১,৪৯৮.৩৩ কোটি টকা। একেদৰে বানত জৰ্জৰিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক জলসম্পদ আৰু নদী উন্নয়নৰ নামত আবণ্টন দিয়া হৈছে মাত্র ৪৯৭.৮৮ কোটি টকা। লক্ষণীয়ভাবে যোৱা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটত বিত্তমন্ত্রী সীতাৰমণে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১,০০,৮৯৩.২৩ কোটি টকা ধাৰ্য কৰিছিল যদিও সংশোধিত বাজেটত প্রকৃততে ধাৰ্য কৰা হৈছিল ৮৭,৭৩৫.৯৮ কোটি টকাহে। অনুৰূপভাবে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰালয়ৰ বাবেও যোৱা বছৰ বাজেটত ধাৰ্য কৰা হৈছিল ৫,৯০০ কোটি টকা। পিছে সংশোধিত বাজেটত উক্ত পুঁজি হ্রাস কৰি আবণ্টন দিয়া হ’ল মাত্র ৪,০০৬ কোটি টকা।