বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক সাংগঠনিক কর্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিধানসভা নিৰ্বাচনৰ লগতে বিটিচি আৰু অন্যান্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি। বিশেষকৈ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্রস্তুতিৰ ক্ষেত্ৰত এখোজ আগবাঢ়িছে দলটো। ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সাংগঠনিক কর্মশালাত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰূপৰেখা প্ৰস্তুত কৰা হয়। নতুনকৈ দায়িত্বপ্রাপ্ত মুখপাত্র আৰু প্ৰভাৰী তথা সহঃ প্ৰভাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত কর্মশালা এখনত ২০২৬ চনৰ বিজেপিৰ নেতৃত্বত অসমত এনডিএৰ চৰকাৰ তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰতিষ্ঠা কৰিবলৈ সংকল্পবদ্ধ হয়। কর্মশালাখনৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে নতুনকৈ দায়িত্বপ্রাপ্ত সকলোৰে কাম-কাজ ভিন্ন ভিন্ন হ’ব। আমি আজি তেওঁলোকৰ কাম কি হ’ব, দায়িত্ব আৰু ভূমিকা তথা সংগঠন শক্তিশালী কৰাৰ লগতে ২০২৬ চনৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কিদৰে আগবাঢ়িম এই সমগ্র বিষয় পুংখানুপুংখভাৱে এই বৈঠকতে প্রশিক্ষণ আকাৰে কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতাই আমাক প্ৰদান কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো নৱনিযুক্ত সকলো কাৰ্যকৰ্তাক সংগঠনৰ বাবে নিৰৱচ্ছিন্নভাৱে সক্রিয়তাৰে, নিষ্ঠাৰে তেওঁলোকৰ দায়িত্ব আগুৱাই লৈ যোৱাৰ বাবে আহ্বান জনাইছে। নিৰ্বাচনৰ বাবে যিসমূহ পূর্ব প্রস্তুতি লাগে, সেই পূর্ব প্রস্তুতি সম্পর্কেও বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকতে তেওঁৰ বক্তব্য আগবঢ়াইছে। অহা ছেপ্টেম্বৰৰ শেষৰফালে বিটিচি নির্বাচন অনুষ্ঠিত হ’ব। অক্টোবৰ অথবা নৱেম্বৰত শিলচৰ পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পাছতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকে ধৰি কেইবাটাও নির্বাচন আমাৰ সন্মুখত আছে। গতিকে আটাইকেইটা নির্বাচনতে বিজেপিয়ে মিত্রশক্তিক লগত লৈ কিদৰে আগবাঢ়িব পাৰে সেই সন্দৰ্ভতো এই বৈঠকত চর্চা হৈছে। তেওঁ লগতে কয়- আমি সংকল্প লৈছোঁ যে ২০২৬ চনত আমি বিজেপিৰ নেতৃত্বত আমাৰ এনডিএৰ চৰকাৰ তৃতীয়টো কার্যকালৰ বাবে প্ৰতিষ্ঠা কৰিম। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বিজেপিয়ে এইবাৰ ৰাইজৰ আশীৰ্বাদ পাব বুলি বিশ্বাস মনত লৈ আমি প্রতিটো সমষ্টিত ৰাজনৈতিক কৰ্মসূচীৰ লগতে সাংগঠনিক শক্তি বৃদ্ধিত আটাইতকৈ গুৰুত্ব দিছোঁ। আনহাতে এই বৈঠক সন্দর্ভত কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে যিকোনো নিৰ্বাচনৰ বাবে বিজেপি সদায় প্রস্তুত হৈ আছে। নতুনকৈ আমাৰ বহুকেইজন মুখপাত্রক নিযুক্তি দিয়া হৈছে। প্রভাৰী আৰু সহঃপ্ৰভাৰীৰ দায়িত্ব দিয়া হৈছে। বিটিচি নিৰ্বাচনৰ লগতে শিলচৰ পৌৰসভাৰ নির্বাচন আৰু বিভিন্ন জনগোষ্ঠীয় উন্নয়ন পৰিষদৰ নিৰ্বাচন আছে। ইয়াৰ উপৰি ২০২৬ চনৰ নির্বাচনো সমাগত। তদুপৰি সেৱাই সংগঠন আমাৰ নীতি। ৰাজনীতিৰ সমান্তৰালভাৱে ৰাইজক কিদৰে সেৱা কৰি যাব লাগে তাৰ এক বিস্তৃত আলোচনা কৰা হৈছে। মুখ্যমন্ত্রী ড° শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় নেতৃত্ব আজিৰ বৈঠকত উপস্থিত আছে। সকলো বিষয় আজি বিশ্লেষণাত্মকভাবে আলোচনা কৰি কৰণীয় যিখিনি কাম তাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে। এই সাংগঠনিক কর্মশালাত ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, মধ্যপ্রদেশ আৰু ছত্তিশগড়ৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামৱাল, উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক তথা সাংসদ ড° সম্বিত পাত্র উপস্থিত থাকে।