বাজপেয়ী ভৱনত কৰ্ণধাৰ সমিতিৰে অমিত শ্বাহৰ বৈঠকত
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় আৰু ধেমাজিত দুখনকৈ বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণৰ পাছত দিল্লীলৈ ওভতাৰ পূর্বে গৃহমন্ত্রী অমিত শ্বাহে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হৈ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত বিশদ আলোচনা কৰা হয় । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি কৰ্ণাধাৰ সমিতিৰ ২৫জন নেতাৰ সৈতে বহা এই বৈঠকত দলৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয়পাণ্ডা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীকে ধৰি ৰাজ্যিক নেতৃত্বও উপস্থিত থাকে। এই বৈঠকতে গৃহমন্ত্ৰীগৰাকীয়ে আগন্তুক নির্বাচনত এনডিএ হিচাপে অৱতীৰ্ণ হোৱাৰ নিৰ্দেশ দিয়াৰ লগতে মিত্ৰজোঁটৰ সৈতে আসন বুজাবুজিৰ প্রক্রিয়া খুব মসৃণভাৱে সম্পূৰ্ণ কৰাৰ পৰামৰ্শ দিয়ে। মুখ্যতঃ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ লক্ষ্যৰে নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ কেইবাটাও পৰামৰ্শ দিয়া গৃহমন্ত্রী অমিত শ্বাহে প্রার্থী নিৰ্বাচনৰ ক্ষেত্ৰতো কিছু কঠোৰ হ’বলৈও পৰামৰ্শ দিয়ে। ইফালে, কৰ্ণাধাৰ সমিতিৰ এই বৈঠকৰ পাছতে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বৈঠক সম্পর্কে কয়- গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যিক নির্বাচন প্রবন্ধন ক’ৰ টীমৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। দুঘণ্টাজোৰা এই বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কিদৰে দলে প্রস্তুতি চলাইছে তথা কি কি ধৰণে দল আগবাঢ়িব সেই সকলো তথ্য বিস্তৃতভাৱে সংগ্রহ কৰে। এইক্ষেত্ৰত গৃহমন্ত্ৰীগৰাকীয়ে নির্বাচন সম্পৰ্কীয় এলানি পৰামৰ্শও দলক প্রদান কৰিছে। সভাপতি শইকীয়াই ইয়াকো উল্লেখ কৰে যে তৃতীয়বাৰৰ বাবে বিজেপিৰ নেতৃত্বত যাতে অসমত চৰকাৰ গঠন হয়, তাৰ কিছু ৰণকৌশলো উক্ত বৈঠকত আলোচনা কৰা হয়। এই বৈঠকতে নিৰ্বাচনৰ কৰ্মসূচী প্ৰস্তুত কৰি আগবাঢ়িবলৈ পৰামৰ্শ দিয়াৰ লগতে গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ জনমুখী কাৰ্যসূচীসমূহ ভোটাৰ ৰাইজৰ মাজলৈ নিয়াৰ বাবে বিশেষ কাৰ্যসূচী প্ৰস্তুত কৰাৰ বাবেও পৰামৰ্শ দিয়ে। সভাপতি শইকীয়াই কয়- নিৰ্বাচনৰ সন্দৰ্ভত অমিত শ্বাহৰ যি দীঘলীয়া অভিজ্ঞতা তথা দলক জয়যুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যত গৃহমন্ত্ৰীগৰাকীয়ে যি অৰিহণা যোগাইছে সেই অভিজ্ঞতা সন্দর্ভতো আজি ৰাজ্যিক বিজেপিক অৱগত কৰে অমিত শ্বাহে। এই বৈঠকক লৈ ৰাজ্যিক বিজেপি যথেষ্ট আশাবাদী হোৱাৰ লগতে আগন্তুক নির্বাচনী কৰ্মসূচী এই বৈঠকতে চূড়ান্ত কৰা হয়।
