বাঘ আৰু বগলী – এছ ইছলাম

শিশু কবিতা
বাঘ আৰু বগলী
এছ ইছলাম, বৰপেটা
বাস কৰিছিল          নাহৰফুটুকী বাঘ
এখন অটব্য অৰণ্যত,
মাংস খাওতে               এটুকুৰা হাড়
লাগি ধৰিছিল ডিঙিত।
কোনে বনৰজাক            সহায় কৰিব
দিব তেওঁক পুৰস্কাৰ,
কোনেও নাহিল          সহায় কৰিবলৈ
ভয়তে বনৰ ৰজাৰ।
সদৌ শেষত                বগলী ককাই
সহায় কৰিব খুজিলে,
দীঘল ঠোঁটেৰে             বগলী ককাই
হাড় উলিয়াই আনিলে।
বগলী ককাই               পাব পুৰস্কাৰ
বৰ আনন্দ মনত,
দুষ্ট বনৰজাৰ                গৰ্জন শুনি
পলাল প্ৰাণৰ ভয়ত।
শুনা বাচাঁহত             ভোল নাযাবা
দুষ্টৰ ছলাহি কথাত,
উপকাৰ কৰি               ফল নাপাবা
প্ৰাণ যাব অৱশেষত।