বাগান শান্তিপুৰ ৰাইজ গয়ৰহৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি

বাগান শান্তিপুৰ ৰাইজ গয়ৰহৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ বাগান শান্তিপুৰ ৰাইজ গয়ৰহৰ উদ্যোগত উদযাপিত সোণালী জয়ন্তী যোৱা কালি সামৰণি পৰে ৷ বাগান শান্তিপুৰ নামঘৰ প্ৰাঙ্গণত ২৮ আৰু ২৯ মাৰ্চ শুক্ৰবাৰ আৰু শনিবাৰে দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন আয়োজিত হৈ যায় ৷ সোণালী জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি ক্ৰমে ৰমেন কুমাৰ দাস,সম্পাদক ৰবিন শালৈ,উপ- সভাপতি বীৰেন দাস,সহঃ সম্পাদকদ্বয় অক্ষয় দাস আৰু হিৰামণি দাস ৷পহিলা দিন ২৮ মাৰ্চ শুক্ৰবাৰৰ কাৰ্যক্ৰমণিকা হিচাপে থাকে বন্তি প্ৰজ্বালন,নাম প্ৰসংগ,পতাকা উত্তোলন,বৃক্ষৰোপণ,আদৰণি তোৰণ মুকলি,স্মৃতি তৰ্পণ,স্মৃতিচাৰণ গৃহৰ দ্বাৰ মুকলি,সাংস্কৃতিক শোভাযাত্ৰা,দুপৰীয়াৰ আহাৰ গ্ৰহণ,সাহিত্য চৰ্চাৰ অনুষ্ঠান,সাংস্কৃতিক মঞ্চ উদ্বোধন আৰু সম্বৰ্ধনা অনুষ্ঠান,স্থানীয় শিল্পীৰ সংগীতানুষ্ঠান,সামাজিক নাট সংঘাত প্ৰদৰ্শন ৷ দ্বিতীয় দিন ২৯ মাৰ্চ শনিবাৰৰ কাৰ্যসূচীত থাকে গোঁসাইঘৰত বন্তি প্ৰজ্বালন আৰু নাম প্ৰসংগ,স্মৃতিৰ এনাজৰী শীৰ্ষক মত বিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠান,দুপৰীয়াৰ আহাৰ গ্ৰহণ,মুকলি সভা,অচিন-চিনাকী শীৰ্ষক বিশেষ সম্বৰ্ধনা অনুষ্ঠান,বন্তি প্ৰজ্বালন আৰু সাংস্কৃতিক মঞ্চ উদ্বোধন,সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ পুলক বেনাৰ্জী,কমলিকা কাশ্যপ,কুমাৰ ধীৰাজ,ধনীৰাম ৰাভা,জিৎ জোনাক আৰু বিজয় সাগৰৰ সংগীতানুষ্ঠান অনুষ্ঠিত ৷ উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া এই সকললোক বান- পিৰিত,গৰাখহনীয়াৰ কবলত সৰ্বস্বান্ত হৈ পলাশবাৰী ৰাজহ চক্ৰৰ ২ নং বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ অন্তৰ্গত শান্তিপুৰ গাঁৱত স্থানান্তৰিত হয় যদিও সৰ্বস্বান্ত হোৱা এই গাওঁবাসীয়ে বছৰবছৰ ধৰি যুঁজি বৰ্তমানলৈকে পোৱা নাই ভূমিৰ ম্যাদী পট্টা ৷ এই অনুষ্ঠানৰ জৰিয়তে গাওঁবাসী তথা উদ্যোগক্তা সকলে চৰকাৰক আহ্বান জনাই অতিশীঘ্ৰে প্ৰাপ্য ভূমি অধিকাৰ প্ৰদান কৰিবলৈ ৷ অজস্ৰ সংখ্যক লোকেলোকাৰণ্য হোৱা সোণালী জয়ন্তী উদযাপনক ভূয়সী প্ৰশংসা সচেতন মহলৰ ৷