বাগানপাৰাত আছুৰ উদ্যোগত কেন্দ্রীয়ভাৱে শিল্পী দিৱস আয়োজন

বাগানপাৰাত আছুৰ উদ্যোগত কেন্দ্রীয়ভাৱে শিল্পী দিৱস আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- সুন্দৰৰ পূজাৰী, মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক মৃত্যু তিথিত তেওঁক সুঁৱৰি ৰাজ্যজুৰি ৰাইজে পালন কৰিলে শিল্পী দিৱস।  শদিয়াৰ পৰা ধুবুৰীলৈ জ্যোতি বন্দনাৰে মুখৰ হ’ল ৰাজ্য। ইপিনে বাক্সা জিলাৰ বাগানপাৰাত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজন কৰা হয় শিল্পী দিৱস। দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন কৰে ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই । লগতে শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক সমীৰণ ফুকনে। দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ লৈ আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।মাল্যাৰ্পণ কৰি ড° সমুজ্জ্বল ভট্টাচার্যই দাদা চাহেব ফাল্কে বঁটাৰ দৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা প্ৰদান কৰিব লাগে বুলি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ।উপদেষ্টা ড° ভট্টাচাৰ্যই অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ত ৰূপকোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ নামত আসন সংৰক্ষণ কৰাৰ দাবীও চৰকাৰক উত্থাপন কৰে। ৰূপকোঁৱৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰক আহ্বান জনায় আছুৰ সভাপতি উৎপল শৰ্মা আৰু সমীৰণ ফুকনে। অনুষ্ঠানটোত তিনি হাজাৰ শিল্পীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতিৰে অতিথিসকলক আদৰণি জনোৱাৰ পাছতে আছুৰ সভাপতি উৎপল শৰ্মাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাত ‘জ্যোতিৰ্ময় বাগানপাৰা’ স্মাৰকগ্ৰন্থ উন্মোচন কৰা হয় । তদুপৰি শিল্পীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে ভাগ লয় ।উল্লেখ্য যে আজিৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই প্ৰায় তিনি সহস্ৰাধিক মহিলাই সমবেত সংগীত পৰিবেশন কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, “অসম আন্দোলনৰ আগত যেনেকৈ কলাগুৰু বিষ্ণু ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিক পালন কৰি অহা হৈছে, অসম আন্দোলনৰ পাছত আছুৰ নেতৃত্বত আৰু অধিক প্ৰসাৰতা লাভ কৰিছে ৷

উল্লেখ্য যে সৰুসজাইত অনুষ্ঠিত বাগুৰুম্বা দহৌ অনুষ্ঠানত অংশ লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুন্দৰৰ পূজাৰী, মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত মূৰ দোৱাই শ্রদ্ধা জ্ঞাপন কৰে।