বাক্সা জিলাৰ উত্তপ্ত পৰিস্থিতিক লৈ উদ্বিগ্নতা প্রকাশ আম আদমি পাৰ্টীৰ

বাক্সা জিলাৰ উত্তপ্ত পৰিস্থিতিক লৈ উদ্বিগ্নতা প্রকাশ আম আদমি পাৰ্টীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত স্থানীয় প্রতিবাদকাৰী, সাংবাদিককে ধৰি আৰক্ষী বিষয়া আহত হোৱা ঘটনাত লৈ গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে আম আদমি পার্টীয়ে আৰু সকলোৰে আশু আৰোগ্য কামনা কৰিছে। সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি শান্তিপ্রিয়ভাৱে কৰা প্ৰতিবাদকাৰীৰ ওপৰত অসম আৰক্ষীয়ে বৰ্বৰ লাঠীচালনা কৰা বাবেই আজি জিলাখনত তেজৰ নৈ বয় বুলি দলটোৱে অভিহিত কৰিছে। সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে অসম চৰকাৰে যি সাংবিধানিক অধিকাৰৰ দোহাই দি অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া হৈছে একেই অধিকাৰ প্রতিজন ভাৰতীয়ৰ আছে। অপৰাধীক বচাবলৈ, কি অধিকাৰত সাধাৰণ জনতাৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰিলে ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব। আজিৰ এই পৰিস্থিতিৰ বাবে সম্পূর্ণ দায়ী মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ গৃহ বিভাগ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্রতিবাদ কৰিবলৈ আহি গুলিবিদ্ধ হোৱাটো অত্যন্ত দুর্ভাগ্যজনক। অনাগত দিনত এজন জুবিন অনুৰাগীৰ আৰক্ষীৰ আক্ৰমণত মৃত্যু হয়, তেন্তে অসমীয়াই মুখ্যমন্ত্রীক কেতিয়াও ক্ষমা নকৰে বুলি দলটোৱে সকীয়াই দিয়ে।