জুবিনৰ মৃত্যুৰ বিচাৰ লেহেমীয়া,
বাক্সা জিলাত অপ্ৰীতিকৰ পৰিস্থিতিত উদ্বেগ প্ৰকাশ ৰাইজৰ দলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে ইতিমধ্যে বহুতো সাংবাদিক, অনেক স্থানীয় প্ৰতিবাদকাৰী আৰু পুলিচ বিষয়া, চিপাহী আহত হোৱাৰ লগতে দীপক মেধি নামৰ যুৱকজনৰ পুলিচৰ গুলীত গুৰুতৰভাৱে আহত হৈছে। তেখেতে আহত সকলোৰে আশু আৰোগ্য কামনা কৰি প্ৰশ্ন কৰে যে এই অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ বাবে দায়ী কোন? তেখেতে কয় উত্তেজিত প্ৰতিবাদকাৰীক আৰক্ষী বিষয়া অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই নিৰ্মমভাবে প্ৰহাৰ কৰাৰ পিছতেই এই পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তেখেতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জুবিন গাৰ্গ প্ৰসংগত সংযমী হ’বলৈ আহ্বান জনাই কয় অন্ততঃ জাতিৰ স্বাৰ্থত আপোনাৰ মুখখন বন্ধ কৰাটো অপৰিহাৰ্য হৈ পৰিছে।আপুনিয়েই শুদ্ধ আৰু পৃথিৱীৰ আন সকলো মানুহ মূৰ্খ তেনে কথা হ’ব নোৱাৰে! তেখেতে কয় জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰা নাই, হিমন্ত বিশ্ব শৰ্মা, কৰিছে কেৱল আপুনি।অখিল গগৈয়ে আজিৰ এই পৰিস্থিতিৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ গৃহ বিভাগক জগৰীয়া কৰে। তেখেতে কয় আমাৰ যুগৰ সবাতোকৈ ডাঙৰ শিল্পী, অসমীয়াৰ হৃদয় স্পন্দন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি এজন অসমীয়াই প্ৰাণ দিবলগীয়া হোৱাটো কম কথানে? হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তদন্তত যে মুঠেও ৰাইজ সন্তুষ্ট নহয় আৰু চৰকাৰ যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ইয়ে প্ৰমাণ। অখিল গগৈয়ে কয় যে এই কথা উপলব্ধি কৰি তৎকালে আপুনি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক। এয়া সময়ৰ দাবী। তেওঁ কয় অসমীয়া জাতি আৰু ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও ক্ষমা নকৰে।