বাক্সাৰ হিংসাত্মক ঘটনা সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ধৃত ৫জনক ন্যায়িক জিম্মাত ৰখাৰ বাবে বাক্সা জিলা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনা সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত হিংসাত্মক ঘটনা সন্দর্ভত তেওঁ কয় যে ২০২৬ চনত বিধানসভা নির্বাচন অনুষ্ঠিত নোহোৱালৈকে অসমক অশান্ত কৰি ৰখাৰ এক ভয়ংকৰ চক্রান্ত ৰচনা কৰি থকা হৈছে। একমাত্র নির্বাচনী বৈতৰণী পাৰ হ’বলৈয়ে বিৰোধীয়ে অসমক অগ্নিগর্ভ কৰি তুলিব বিচাৰিছে। এপ্ৰিলত ভোটগ্রহণ পর্ব শেষ হৈ যোৱা মাত্রেই চাব- এইসকল লোকে প্রয়াত জুবিন গাৰ্গক পাহৰি যাব। জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰে পৰাই অসমক অশান্ত কৰাৰ বাবে একাংশ লোকে উঠি পৰি লাগিছে। সামাজিক মাধ্যমতেই হওক বা নিজৰ কথা-বতৰাৰ জৰিয়তেই হওক, একাংশ ৰাজনীতিকে মানুহক উত্তেজিত তথা প্ৰৰোচিত কৰাৰ বাবে অহৰহ চলাই আছে ষড়যন্ত্র। কেৱল ৰাজনৈতিক স্বার্থ চৰিতাৰ্থ কৰিবলৈ তেওঁলোকে এইদৰে প্ৰৰোচিত কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, এনে কাৰ্যৰ জৰিয়তে প্ৰগতিৰ দিশলৈ আগবাঢ়ি যোৱা অসমখনক পিছুৱাই নিয়াৰ ষড়যন্ত্র চলিছে। ভাৰতীয় গণতন্ত্ৰত ন্যায় প্ৰদান কৰাৰ অধিকাৰ কেৱল আদালতৰহে আছে বুলি মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে। এই প্ৰসংগতে তেওঁ পুনৰ কয় যে আদালতত এটা শক্তিশালী গোচৰ লৈ যোৱাৰ দায়িত্ব হৈছে আৰক্ষী-প্ৰশাসনৰ। প্ৰমাণ, জেৰা, গ্ৰেপ্তাৰ আদিৰ জৰিয়তে আৰক্ষীয়ে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ হকে অনর্গল কাম কৰি আছে। নিৰ্ধাৰিত সময়ৰ বহু আগতেই আদালতত আৰক্ষীয়ে চার্জশীট দাখিল কৰিবলৈ সক্ষম হোৱাৰ আশা কৰা হৈছে। কিন্তু বাক্সাত আজি যি ঘটনা সংঘটিত হ’ল সেয়া সম্পূৰ্ণৰূপে নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। বাক্সাৰ ঘটনাই মনোকষ্ট দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাৰ ভাষ্য- ভাৰতৰ দৰে সভ্য দেশত ন্যায়িক প্রক্রিয়া তথা আদালতৰ ওপৰত বিশ্বাস ৰাখিব লাগে। জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গড্ৰেক শাস্তি প্রদান কৰিবলৈকো এবছৰ সময় লাগিছিল। প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধী-ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ বিচাৰো ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে সম্পন্ন হৈছিল। ৰাজনৈতিক নেতাৰ বক্তব্য-মন্তব্যত প্ৰৰোচিত নহ’বলৈ তেওঁ অসমৰ জনসাধাৰণক আহ্বান জনায়। তেওঁ অসমবাসীক উদ্দেশ্যি কয় যে যিসকলে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিব বিচাৰিছে, তেওঁলোকক ৰাজনীতি কৰিবলৈ দিয়ক। আপোনালোকে ভোল নাযাব। কেৱল ৰাজনৈতিক স্বার্থ চৰিতাৰ্থ কৰাৰ বাবে একাংশই ৰাইজক প্ৰৰোচিত কৰিবলৈ ইমান তললৈ যাব পাৰে বুলি কোনেও কল্পনাও কৰা নাছিল। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূর্ণ পেছাদাৰীভাৱে চলাই থকা হৈছে। আৱেগৰ জৰিয়তে কেতিয়াও কোনো তদন্ত হ’ব নোৱাৰে। প্রিয় শিল্পীৰ মৃত্যু কাৰো কাৰণে ৰাজনৈতিক হাতিয়াৰ হ’ব নালাগে। বাস্তৱত যিসকল লোকে জুবিন গাৰ্গক সমালোচনা কৰিছিল সেইসকল লোকেই নিশাটোৰ ভিতৰতে জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিছে। জুবিন গাৰ্গৰ মৃত্যুক নির্বাচনী ইছ্যু নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° শর্মাই কয় যে যেতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি অসমত এটাও গুলীচালনাৰ কাণ্ড সংঘটিত নহয়, তেতিয়ালৈকে ৰাজ্যখনক শান্ত হ’বলৈ দিয়া নহ’ব। এনেধৰণৰেই যেন ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে।