বাক্সাত BNSSৰ ১৬৩ ধাৰা জাৰি প্ৰশাসনৰ

Pc The Federal

বাক্সাত BNSSৰ ১৬৩ ধাৰা জাৰি প্ৰশাসনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বাক্সা কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তক থোৱাক লৈ আজি অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি ইমানেই বেয়া হৈ পৰে যে সাংবাদিক, আৰক্ষী, সাধাৰণ লোককে ধৰি বিভিন্নজনলোক এই হিংসাত্মক ঘটনাত আহত হয় । ইয়াৰ মাজতে আৰক্ষীৰ এখন বাহন জ্বলাই দিয়াৰ লগতে বাকী বহু বাহন ভাঙি চুৰমাৰ কৰে। আনহাতে সাংবাদিকৰ বাহনো ভাঙি তচনচ কৰে উপস্থিত লোকে। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পিছতে প্রশাসনে কঠোৰ পদক্ষেপ গ্রহণ কৰিছ। প্ৰশাসনে বাক্সা জিলাত BNSSৰ ধাৰা ১৬৩ জাৰি কৰিছে। এতিয়া ৫জনতকৈ অধিক লোকৰ সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইফালে অশান্ত বাক্সাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে Rapid Action Force (RAF) প্ৰেৰণ কৰা হৈছে। লগতে আৰক্ষীৰ অতিৰিক্ত বাহিনীৰ কেইবাটাও দল গুৱাহাটীৰ পৰা ৰাওনা হৈছে। গৃহ বিভাগৰ শীৰ্ষ বিষয়াসহ নলবাৰী, বৰপেটা আৰু দৰং জিলাৰ পৰা লগতে কেইবাটাও আৰক্ষীৰ দল বাক্সালৈ ৰাওনা হছে। ইপিনে, কাৰাগাৰৰ সন্মুখত পুনৰ  প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ তিনিখন বাহনত অগ্নিসংযোগ কৰাৰ লগতে শিলাবৰ্ষণ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা আৰু কন্দুৱা গেছৰ প্ৰয়োগ কৰে। ইয়াৰ মাজতেই প্রতিবাদকাৰীয়ে চেটেলাইট চেনেলৰ এখন সংবাদ বাহনো জ্বলাই দিয়ে। বাক্সাৰ পৰিস্থিতি বর্তমানো অতি উত্তপ্ত অৱস্থাত আছে।