বাইক চালকৰ খুন্দাত থিতাতে নিহত আৰক্ষী বিষয়া
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাতিপুৱা খোজ কাঢ়িবলৈ গৈ মৰাণ নগৰত সংঘটিত এক পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে এজন আৰক্ষী বিষয়াই।উদণ্ড বাইক চালকৰ খুন্দাত প্ৰাণ হেৰুৱাব লগা হ’ল আৰক্ষী বিষয়াজনে । ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ১নং মিৰিহোলা গাঁও নিবাসী অসম আৰক্ষী বিভাগৰ চেপন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক (APRO) সুনীল দিহিঙীয়াই চুবুৰীয়া সৈন্য বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মুকেশ গগৈৰ লগত নিয়মিত প্রাত:ভ্ৰমণ কৰি ঘৰলৈ ঘূৰি আহোতে মৰাণ জ্যোতিপুৰ (মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত)ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক মটৰ দুৰ্ঘটনাত পতিত হয়। তিনিগৰাকী পথচাৰী পকী পথৰ দাঁতিৰে নিজৰ পথেৰে ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা AS06-AL 7736 য়ামাহা মটৰচাইকেলেৰে খুন্দা মৰাত মূৰত গুৰুতৰভাৱে আঘাত পায় ৫৮ বছৰীয়া আৰক্ষী বিষয়া সুনীল দিহিঙ্গীয়াই আৰু গুৰুতৰভাৱে আহত হয় অৱসৰী সৈনিক মুখেন গগৈ, মটৰচাইকেল চালক ঔম বিভূতি বৰুৱা আৰু আৰোহী জিন্টু মূৰাৰী। দুর্ঘটনা সংঘটিত কৰা ঔম বিভূতি বৰুৱাই জনোৱা মতে, ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পথালিবাম কমলদৈ গাঁৱৰ দুই যুৱক তথা মৰাণ চিনিয়ৰ চেকেণ্ডেৰী আৰু মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰদ্বয় ক্রমে ঔম বিভূতি বৰুৱা আৰু জিন্টু মূৰাৰীয়ে মটৰচাইকেলেৰে ঘৰলৈ গৈ আছিল।দুয়োজনকেই আৰক্ষীয়ে আহত অৱস্থাত আটক কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে । প্রাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে মুখেন গগৈক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ শিৱসাগৰলৈ প্ৰেৰণ কৰিছে মৰাণহাট থানাৰ আৰক্ষীয়ে।