বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জনৰে শচীন-বিৰাটৰ অভিলেখ ভংগ ৰহমানুল্লাহ গুৰবাজৰ

বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জনৰে শচীন-বিৰাটৰ অভিলেখ ভংগ ৰহমানুল্লাহ গুৰবাজৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ৫ উইকেটত জয় লাভ কৰে আফগানিস্তানে ৷ আফগানিস্তানে ২-১ৰ ব্যৱধানত শৃংখলা হস্তগত কৰে।  মেচখনত আফগানিস্তানৰ অ’পেনাৰ বেটাৰ ৰহমানউল্লাহ গুৰবাজে এক অনন্য কৃতিত্ব অর্জন কৰে। দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি কেৰিয়াৰৰ অষ্টমটো এদিনীয়া শতক অর্জন কৰে গুৰবাজে। মেচখনত শতক অৰ্জন কৰি আফগান বেটাৰজনে ভংগ কৰে কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলিৰ অভিলেখ। মেচখনত ১০১ ৰানৰ  এক সুন্দৰ ইনিংছ খেলি গুৰবাজে ২২ বছৰ ৩৪৯ দিনত দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ- বেটাৰ কুইন্টন ডি ককৰ পিছতে এদিনীয়াত ৮টা শতক অর্জনকাৰী দ্বিতীয় সর্বকনিষ্ঠ বেটাৰৰূপে পৰিগণিত হয়। ডি ককে ২২ বছৰ ৩১২ দিনত এই কৃতিত্ব অর্জন কৰিছিল। একে সময়তে গুৰবাজে শচীন তেণ্ডুলকাৰ (২২ বছৰ ৩৫৭ দিন), বিৰাট কোহলি (২৩ বছৰ ২৭ দিন) আৰু পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজমৰ (২৩ বছৰ ২৮০ দিন) অভিলেখ ভংগ কৰে। তদুপৰি, তেওঁ ২৩ বছৰ বয়সৰ পূৰ্বে এদিনীয়া ক্রিকেটত ৮টা শতক অৰ্জন কৰি সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ সৈতে সমতা স্থাপন কৰে। সোমবাৰে নিশা শ্বাৰজাহত অনুষ্ঠিত মেচখনত বাংলাদেশে প্রথমে বেটিং কৰি মাহমুদুল্লাহৰ ৯৮ আৰু মেহিদী হাছান মিৰাজৰ ৬৬ ৰানৰ সহায়ত ৮ উইকেটত ২৪৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰহমানুল্লাহ গুৰবাজৰ ১০১ ৰানৰ সহায়ত মেচৰ অন্তিম অভাৰত জয়লাভ কৰে আফগানিস্তানে। আজমাতুল্লাহ উমাৰজায়ো অপৰাজিত ৭০ ৰান সংগ্ৰহ কৰে। এয়া আছিল আফগান দলটোৰ এদিনীয়াত ক্রমাগত তৃতীয়টো শৃংখলা জয়। ইয়াৰ পূর্বে দলটোৱে সংযুক্ত আৰৱ আমিৰশ্বাহীত দক্ষিণ আফ্রিকাক ২-১ আৰু আয়াৰলেণ্ডক ২-০ ব্যৱধানত পৰাস্ত কৰিছিল।