বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ। পদত্যাগ কৰি সেনাৰ হেলিকপ্তাৰেৰে  ভগ্নীৰ সৈতে দেশ এৰি পলায়ন কৰিলে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।  ‘ঢাকা পেলেচ’ এৰি সেনাৰ হেলিকপ্তাৰেৰে পলায়ন কৰিছে শ্বেখ হাছিনাই। খবৰ অনুসৰি প্রধানমন্ত্রী শ্বেখ হাছিনা সেনা বাহিনীৰ বিশেষ হেলিকপ্টাৰেৰে ভাৰত অভিমুখে ৰাওনা হয় ৷ ইয়াৰ পাচতেই হাছিনা আগৰতলাৰ শালবাগানত অৱতৰণ কৰাৰ কথা ত্ৰিপুৰা আৰক্ষীয়ে নিশ্চিত কৰে ৷আজি বিয়লি হাছিনা দিল্লীলৈ যোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে ভাৰত-বাংলা সীমান্তত বি এছ এফক সৰ্তক কৰি ৰখা হৈছে ৷  সূত্ৰৱে সদৰী কৰা মতে, “হাছিনাই প্ৰধানমন্ত্ৰী আবাসগৃহ এৰি যোৱাৰ পূৰ্বে নিজৰ ভাষণ ৰেকৰ্ডিং কৰিব বিচাৰিছিল । কিন্তু তেওঁ ৰেকৰ্ডিং কৰাৰ সুযোগ নাপালে ।” হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সান্ধ্যআইন অৱমাননা কৰি ৰাজধানীৰ ৰাজপথেৰে সমদল উলিয়াই প্ৰধানমন্ত্ৰীৰ বাসভৱন উত্তাল কৰি তোলে । বাংলাদেশ সেনাৰ অধীনত তদাৰকী চৰকাৰ গঠন হ’ব পাৰে বাংলাদেশত। সূত্ৰৰ খবৰ অনুসৰি, ইয়াৰ পূৰ্বে বাংলাদেশৰ সেনা বাহিনীৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী হাছিনাক ৪৫ মিনিট সময় বান্ধি দিয়া হয় পদত্যাগ কৰাৰ বাবে। উল্লেখযোগ্য যে হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ লৈছে বাংলাদেশত। বিগত কেইবাদনো ধৰি চৰকাৰবিৰোধী আন্দোলন চলিছে বাংলাদেশত। আন্দোলনকাৰীসকলৰ দাবী আছিল – হাছিনা চৰকাৰৰ পদত্যাগ। দেওবাৰে বিক্ষোভকাৰীসকলৰ সৈতে আৰক্ষীৰ সংঘৰ্ষত শতাধিক লোকে প্ৰাণ হেৰুৱায়। পৰিস্থিতি ক্ৰমাৎ জটিল হৈছে। তাৰ পিছতে সোমবাৰে পদত্যাগ কৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।