বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছক সকীয়নি

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছক সকীয়নি
ভাৰতৰ জনতা জাগিলে অস্তিত্বই নাথাকিব বাংলাদেশৰ: অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা- “ভাৰতৰ অনুগ্ৰহত ভূমিষ্ঠ হোৱা বাংলাদেশ; যিখন দেশৰ নিজৰ দেশত গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা নাই; যিখন দেশৰ প্ৰধামন্ত্ৰীয়ে উন্মাদ জনতাৰ আক্ৰমণৰ ভয়ত নিজৰ দেশ এৰি পলায়ন কৰে; তেনে এখন দেশৰ অন্তৰ্ৱতীকালীন অস্থায়ী টৰকাৰ প্রধানজনে ভাৰতৰ দৰে বিশাল শক্তিৰ বিৰুদ্ধে কথা কোৱাটো সেইখন দেশৰ ধৃষ্টতা।” – এই বক্তব্য অসম জাতীয় পৰিষদৰ। বাংলাদেশৰ তদাৰকী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছে চীনত গৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিৰুদ্ধে কথা কোৱা প্ৰসংগত নিজ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে বাংলাদেশ এখন শিষ্টাচাৰ নজনা দেশ বাবেই তেওঁলোকৰ দেশৰ জনতাই তেওঁলোকৰ দেশখনৰে জন্মদাতা বংগ বন্ধু মজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তিও ভাঙি দিব পাৰে।উল্লেখযোগ্য যে অলপতে চীন দেশলৈ গৈ বাংলাদেশৰ অন্তৰ্ৱতীকালীন চৰকাৰৰ মুৰব্বী ড: মহম্মদ ইউনিছে ভাৰতৰ সাতভনী ৰাজ্য উত্তৰ-পূৰ্বাঞ্চলক ‘লেণ্ড লকড এৰিয়া বুলি উল্লেখ কৰি এই অঞ্চলত চীনে বজাৰ (ঔপনিৱেশ) সৃষ্টিৰ সুযোগ আছে বুলি মত প্ৰকাশ কৰিল‌ ৷১৯৭১ চনত ভাৰতৰ অনুগ্ৰহত জন্মলাভ কৰা বাংলাদেশত যোৱা বছৰ দেশখনৰ জনসাধাৰণে দেশখনৰ এক অভ্যুত্থানৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দেশান্তিৰত কৰিছিল। তাৰ পাছত ব্যাপক হিংসা আৰু অস্থিৰতাৰ মাজত নোবেল লৰেট ডঃ মহম্মদ ইউনিছক অন্তৰ্ৱতীকালীন চৰকাৰৰ মুৰব্বী হিচাপে মনোনিত কৰিছিল। সম্প্ৰতি ব্যাপক অস্থিৰতা আৰু অৰ্থনৈতিক অচলাৱস্থাৰ মাজতে মূলত: বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ ডঃ ইউনিছ চীন দেশলৈ গৈছে। ভাৰতৰ অনুগ্ৰহত গণতান্ত্ৰিক দেশ হিচাপে অস্তিত্ব বজাই ৰখা বাংলাদেশৰ যিকোনো ৰাষ্ট্ৰপতিয়ে প্ৰথম বিদেশ ভ্ৰমণ হিচাপে ভাৰতলৈ আহে। কিন্তু বৰ্তমানৰ কেয়াৰটেকাৰ চৰকাৰখনৰ মুৰব্বী ডঃ মহম্মদ ইউনিছ চীন দেশলৈ গৈছে আৰু তাত গৈ ভাৰতৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থৰ বিপৰীতে এক ধৰণৰ প্ৰৰোচনামূলক বক্তব্য দাঙি ধৰিছে। এই সন্দৰ্ভত আজি অসম জাতীয় পৰিষদৰ নেতৃবৰ্গই কয়, “পাকিস্তানৰ কোচত বহি বাংলাদেশৰ অন্তৰ্ৱতীকালীন চৰকাৰৰ মুৰব্বী ড: ম০ ইউনুচে যদি নিজকে ডাঙৰ শক্তি বুলি ভাবিছে তেন্তে ইউনুচ আৰু বাংলাদেশে মুৰ্খৰ স্বৰ্গত বাস কৰিছে।” ভাৰতৰ ১৪০ কোটি জনতাৰ কোপ দৃষ্টি যিদিনাই বাংলাগেশৰ ওপৰত পৰিব সিদিনাই বাংলাদেশ ভষ্মীভূত হৈ যাব বুলি চুবুৰীয়া দেশখনৰ চৰকাৰক সোঁৱৰাই দি গগৈ আৰু ভূঞাই কয়, “নিজে জন্ম দিয়া সৰু দেশ বুলি ভাৰতবাসীয়ে বাংলাদেশক পুতৌহে কৰে, সমীহ নকৰে। এই কথা মহম্মদ ইউনিছে জনা ভাল।”