বাংলাদেশী মিঞাৰ হাতত যদি এটুকুৰাও মাটি আছে তাক মুক্ত কৰা হ’বঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰহা, ডিমৰীয়া, বৰক্ষেত্ৰী আৰু কমলপুৰত বৃহৎ বিজয় সংকল্প সভাত অংশ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । ৰাজ্যিক বিজেপিৰ সংকল্প-পত্ৰ উন্মোচনৰ পাছতে ৰহাত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° শৰ্মাই সমষ্টিটোৰ প্রার্থী শশীকান্ত দাসৰ সমৰ্থনত ৰহা ক্রীড়া সন্থাৰ খেলপথাৰত আয়োজিত বিশাল জনসভাখনত অংশগ্ৰহণ কৰে। এই সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কংগ্ৰেছৰ নতুন বৰ অসমৰ প্ৰসংগ উল্লেখ কৰি কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু চাওলুং চুকাফাই নির্মাণ কৰা বৰ অসমৰ আদৰ্শ কংগ্ৰেছৰ নতুন বৰ অসমত নাই। বিজেপি চৰকাৰৰ শাসনত অসমত বহু পৰিৱৰ্তন হ’ল। আমি অসমখনক সুৰক্ষা আৰু নিৰাপদ কৰিম। যোৱা চৰকাৰৰ দিনত কচুতলীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত ডেৰ লাখ বিঘা ভূমি বাংলাদেশী মিঞাৰ পৰা উচ্ছেদ কৰিলোঁ। এইবাৰ আমি ৰাইজক প্রতিশ্রুতি দিছোঁ, বাংলাদেশী মিঞাৰ হাতত যদি এটুকুৰাও মাটি আছে তাক মুক্ত কৰা হ’ব। যোৱাবাৰ ঠেং ভাঙিছিলোঁ, এইবাৰ ৰাজহাড় ভাঙিম। অসমীয়াৰ বাবে, ভাৰতৰ বাবে আমি ভূমি সুৰক্ষিত কৰিম। বাংলাদেশী মিঞাক কেতিয়াও সহ্য নকৰোঁ, তেওঁলোকক আমি নিজৰ দেশলৈ ঘূৰাই পঠিয়াম। বিজেপি নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণৰ পাছতে নিৰ্বাচনৰ সময়ত প্রদান কৰা প্ৰতিটো প্রতিশ্রুতি আখৰে আখৰে পূৰণ কৰিছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে আৰু সেই ধনৰাশি অহাবাৰ ২৫ হাজাৰ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয়- বিগত বিধানসভা নির্বাচনৰ সময়ত এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ প্ৰতিশ্ৰুতি প্রদান কৰা হৈছিল আৰু সেই লক্ষ্য অতিক্ৰম কৰি যোৱা ৫ বছৰত ১ লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক নিকা আৰু স্বচ্ছতাৰে চাকৰি দিয়া হ’ল। নিৰ্বাচনৰ পিছত এইবাৰ ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। শিক্ষার্থীসকলৰ পঢ়াৰ খৰচ চৰকাৰে গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে সন্তানৰ পঢ়া-শুনাৰ খৰচৰ বাবে পিতৃ-মাতৃয়ে চিন্তা কৰিবলগীয়া নহ’ব। ৰহাত উদ্যোগীকৰণৰ পৰিৱেশ গঢ়ি তোলা হ’ব, ৰহা মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন, ৰহা চহৰৰ উন্নয়ন আৰু ষ্টেডিয়াম নির্মাণ, দলং নির্মাই আদিৰে সমষ্টিটোত বিকাশৰ এক নতুন দিগন্তৰ সূচনা কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে প্রতিশ্রুতি প্ৰদান কৰে।

ৰহাৰ পিছতে মুখ্যমন্ত্রীয়ে ডিমৰীয়া বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° তপন দাসৰ সমৰ্থনত সোণাপুৰৰ মিনি ষ্টেডিয়ামত জনাকীর্ণ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে এখন উন্নয়ন আৰু প্ৰগতিশীল অসমৰ বাবে নৱগঠিত ডিমৰীয়া সমষ্টিত বিজেপি আৰু মিত্রদল অগপৰ মনোনীত প্রার্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। গুৱাহাটীৰ ৰিং ৰোড নির্মাণ সম্পূর্ণ হৈ উঠাৰ লগে লগে ডিমৰীয়া সমষ্টি অসমৰ এক জাকতজিলিকা সমষ্টিলৈ ৰূপান্তৰিত হ’ব বুলি তেওঁ উল্লেখ কৰে। জনজাতীয় লোকসকলক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ডিমৰীয়া সমষ্টিৰ বাট-পথ উন্নয়নৰ বাবে ২০০ কোটি টকা প্রদানৰ পৰিকল্পনা গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰে। ডিমৰীয়া সমষ্টিত ষ্টেডিয়াম নির্মাণ, পর্যটনৰ বিকাশৰ বাবে প্রচেষ্টা গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ডিমৰীয়া সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ বাবে অহা ৫ বছৰত এলানি পদক্ষেপ গ্রহণ কৰা হ’ব। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাৰ সমর্থনত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বিশাল বিজয় সংকল্প সভাত অংশগ্রহণ কৰে। এই সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে কংগ্রেছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰাক ৰুদ্ধ কৰিবলৈ বহু অপচেষ্টা কৰিছিল। কিন্তু ৰাইজৰ বিজেপিৰ প্ৰতি থকা বিশ্বাস আৰু বিকাশৰ অনিৰুদ্ধ যাত্রা অব্যাহত আছে। যোৱা ৫টা বছৰত নিৰন্তৰ শান্তি স্থাপনেৰে অসমে ৰাজ্যৰ ইতিহাসত এক নজিৰ স্থাপন কৰিলে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত আজি বিকাশ আৰু উন্নয়নৰ লগতে নাগৰিকৰ মনত সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিছে।

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্য চৰকাৰে ইতিমধ্যে এক লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ প্ৰদান কৰিছে। যোৱা ৫টা বছৰত আন্দোলন নাছিল, ধর্ণা নাছিল, গুলীকাণ্ডও নাছিল। ৫টা বছৰৰ পিছত আমাৰ জননী জন্মভূমি অসমে বহু বছৰ পিছত শান্তিৰে অতিবাহিত কৰিলে। এখন শান্তিৰ অসম, প্ৰগতিৰ অসম, এখন নতুন অসমৰ বুনিয়াদ আমি ৰচনা কৰিলোঁ। সভাত মুখ্যমন্ত্রীয়ে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে বিগত কার্যকালত বিকাশ আৰু উন্নয়নেৰে জনসাধাৰণৰ জীৱনলৈ অকল্পনীয় পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলি কয়। এই যাত্রা অব্যাহত ৰখাৰ উদ্দেশ্যে তেঁও পুনৰ এবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ বাবে ৰাইজক আহ্বান জনায়। এই সভাৰ পাছতে কমলপুৰ বিধানসভা সমষ্টিৰ বিহদিয়া জাজিকোণা ৰাস খেলপথাৰত বিজেপি প্রার্থী দিগন্ত কলিতাৰ সমর্থনত আয়োজিত আন এখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রীয়ে। এই সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে অহা ৫ বছৰত বিকাশ আৰু উন্নয়নেৰে কমলপুৰ সমষ্টিৰ কায়া-কল্প সলনি কৰিব। তেওঁ কয়-বৰ্তমান চৰকাৰৰ কাৰ্যকালত জনসাধাৰণে নিজৰ বহু আশা-আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু অসম দেশৰ ভিতৰতে এখন অন্যতম অগ্রণী ৰাজ্যত পৰিণত হোৱাৰ দিশত শক্তিশালীভাবে অগ্ৰসৰ হৈছে।বিকাশ আৰু উন্নয়নৰ অবিৰত যাত্রা অব্যাহত ৰাখিবলৈ বিজেপি প্রার্থী দিগন্ত কলিতাক বিপুল ভোটত জয়যুক্ত কৰাবলৈও মুখ্যমন্ত্ৰীয়ে কমলপুৰবাসীক আহ্বান জনায়। ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে জালুকবাৰী সমষ্টিৰ বৰ্ষাপাৰাৰ পৰা গড়চকুলৈ এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰে। গুৱাহাটীৰ বৰ্ষাপাৰাৰ পৰা শুভাৰম্ভ কৰা এই ৰোড শ্ব’ৰ সময়ত জনসাধাৰণে মুখ্যমন্ত্ৰীক শৰাই, গামোচা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে। দাতালপাৰা বড়ো সমাজ খেলপথাৰলৈ উলিওৱা এই ৰোড শ্ব’ত পথৰ দুয়োকাষে সমৱেত অগণন জনতাই মুখ্যমন্ত্ৰীক আদৰণি জনাই বিজেপিৰ প্রতি আস্থা আৰু বিশ্বাস প্রকাশ কৰে।
