বাংলাদেশী নহয়, আদানি-আম্বানীক ৫৫ হেজাৰ বিঘা মাটি দিয়াহে মূল লক্ষ্য

বাংলাদেশী নহয়, আদানি-আম্বানীক ৫৫ হেজাৰ বিঘা মাটি দিয়াহে মূল লক্ষ্য ; ৬ হেজাৰ বিঘাৰ পৰা পূৰ্ববঙ্গীয়ক উচ্ছেদৰ বিপৰীতে খিলঞ্জীয়াৰ পৰা ৪৯ হেজাৰ বিঘা মাটি কঢ়াৰ টাৰ্গেট
ক’ত, কিয়, কাৰ স্বাৰ্থত কৰিছে উচ্ছেদ : বিস্তাৰিত তথ্য ৰাজহুৱা কৰি অসম জাতীয় পৰিষদৰ অভিযোগ
উচ্ছেদৰ প্ৰসঙ্গত জাতি আৰু ৰাষ্ট্ৰক প্ৰতাৰণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে
‘নিজে নিজকে ধন্যবাদ দিয়াটো হাস্যস্পদ, লজ্জাজনক’

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত চলা শেহতীয়া উচ্ছেদ অভিযান অসম আৰু অসমীয়াৰ স্বাৰ্থত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা দাবী নস্যাৎ কৰিছে অসম জাতীয় পৰিষদে। জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, ৰাজ্য চৰতাৰে মূলতঃ মুনাফালোভী পুঁজিপতি গোষ্ঠীসমূহৰ স্বাৰ্থতহে উচ্ছেদ চলাই আছে, ‘অসমীয়াৰ স্বাৰ্থত’ বুলি কৰা দাবী ৰাজনৈতিক মিথ্যাচাৰৰ বাহিৰে আন একো নহয়। দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এখন সংবাদ মেলত কিচুমান তথ্য দাঙি ধৰি কয় যে অসমত আদানি, আম্বানী, ৰামদেব আদি উদ্যোগীক ৫৫ হেজাৰ বিঘা মাটি দিবলৈ চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু উক্ত মাটিখিনি খালী কৰিবলৈহে উচ্ছেদ চলাই আছে। উচ্ছেদিত বা উচ্ছেদ হ’বলগীয়া ৫৫ হেজাৰ বিঘাৰ ভিতৰত কেৱল ৬হেজাৰ বিঘাহে পূৰ্ববংগীয় লোকৰ দখলত আছিল বা আছে, বাকী ৪৯ হেজাৰ বিঘা ৰাজ্যৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনসাধাৰণৰ ভাগৰ পৰা কাঢ়ি নিয়াৰ পাং পাতিছে চৰকাৰে। তাৎপৰ্য্যপূৰ্ণ যে, যিসকল পূৰ্ববংগীয় লোকক উচ্ছেদ কৰিছে, তাৰে সামান্য এটা অংশক বাদ দি বাকী সকলোকে নগদ টকাৰ ক্ষতিপূৰণৰ লগতে বিকল্প মাটি দি পুনৰ সংস্থাপিত কৰা হৈছে। কিন্তু কোনো উচ্ছেদিত খিলঞ্জীয়া লোকক চৰকাৰে ক্ষতিপূৰণ বা বিকল্প সংস্থাপন একোয়ে দিয়া নাই। এনে পটভূমিত, উচ্ছেদ অভিযানেৰে বাংলাদেশী খেদিছো বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি কেৱল জাতিকে প্ৰতাৰণা কৰা নাই, লগতে ৰাষ্ট্ৰদ্ৰোহী কাৰ্য্য সম্পাদন কৰা বুলিও ভূঞাই মত প্ৰকাশ কৰে। দলৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদ মেলৰ আৰম্ভণিতে শেহতীয়া ঘটনাক্ৰমৰ পৃষ্ঠভূমি বৰ্ণনা কৰি ভূঞাই কয় যে বিগত জুন মাহৰ শেষৰ সপ্তাহত বাতৰি ওলাল যে গো-পালকৰ বাবে আৱন্টিত বিশেষ ৰাজসাহায্য প্ৰকৃত গো-পালকে নাপাই পাইছেগৈ মন্ত্ৰীৰ পত্নীয়ে ৷ তাৰ লগে লগে গীৰ গাই কেলেংকাৰীৰ তথ্যটো পোহৰলৈ আহিছিল ৷ তাৰ আগৰ কেইদিন আদানিক চৰকাৰে মাটি গতোৱাৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন ঠাইত খিলঞ্জীয়া জনজাতীয় ৰাইজক উচ্ছেদ কৰিবলৈ বিচৰাৰ প্ৰতিবাদত ৰাইজ ৰাজপথলৈ ওলাই আহি ধাৰাবাহিক প্ৰতিবাদ কৰি আছিল। সমান্তৰালকৈ পুঁজিপতি গোষ্ঠীসমূহক পোনপটীয়াকৈ মাটিৰ মালিকীস্বত্ব হস্তান্তৰ কৰাৰ স্বাৰ্থত অসমৰ ভূমি আইন সলনি কৰাৰ বিষয়ক লৈয়ো ৰাইজ প্ৰতিবাদ মুখৰ হৈ আছিল ৷ উক্ত বিষয়সমূহক লৈ বিজেপি দল আৰু চৰকাৰ ব্যাপকভাৱে বিব্ৰত হৈছিল ৷ বিজেপিৰ অভ্যন্তৰতো চৰকাৰৰ কাম-কাজৰ সমালোচনা হ’বলৈ লৈছিল ৷ বাধ্য হৈ মুখ্যমন্ত্ৰীয়ে পৰ্বতঝোৰা, পলাশবাৰী আদি কেইবা ঠাইৰ ৰাইজক উচ্ছেদ নকৰাৰ আশ্বাস দিবলৈ বাধ্য হৈছিল ৷ কিন্তু তৎস্বত্ত্বেও ৰাইজৰ ক্ষোভ নিৰসন নোহোৱা দেখি মুখ্যমন্ত্ৰীয়ে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হোৱা গণ-ক্ষোভৰ জোৱাৰক লক্ষ্যভ্ৰষ্ট (divert) কৰাৰ উদ্দেশ্যে ধুবুৰী আৰু গোৱালপাৰা জিলাত উচ্ছেদ অভিযান চলাই চৰকাৰে ৰাজনৈতিক কচৰৎ আৰম্ভ কৰি দিয়ে।কিন্তু এই উচ্ছেদ কাক, কিয় আৰু কাৰ স্বাৰ্থত কৰিছে, তাৰ গুৰাৰ্থ বুজাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ভূঞাই কয়, “মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ আয়োজন কৰি উচ্ছেদ সম্পৰ্কত দুটা তাৎপর্য্যপূৰ্ণ কথা কৈছে : প্ৰথম – তেওঁৰ চৰকাৰে বাংলাদেশীক উচ্ছেদ কৰিছে ৷দ্বিতীয় – অসম আৰু অসমীয়াৰ স্বাৰ্থত উচ্ছেদ কৰিছে ৷ কিন্তু চৰকাৰী তথ্যই কয়, এতিয়ালৈকে যিমান মানুহক উচ্ছেদ কৰিছে, তাৰে সৰহভাগক (প্ৰায় সকলোকে ) ক্ষতিপূৰণ সহ পুনৰ সংস্থাপন দিছে ৷” কোনসকল উচ্ছেদিতক চৰকাৰে কেনেকৈ কিমানটকা ক্ষতিপূৰণ দিলে তাৰ তথ্য দাঙি দৰিজাতীয় পকিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা উচ্ছেদ কৰা ৩৩২ টা ধৰ্মীয় সংখ্যালঘু পৰিয়ালসমূহক বিজেপি দলৰ মানুহে বাংলাদেশী বুলি কৈছিল। কিন্তু মুৰকত উক্ত পৰিয়ালসমূহক ক্ষতিপূৰণ হিচাপে মুঠ ১৪.৭১ কোটি টকা আদায় দিয়ে। গৰুখুঁটিৰ উচ্ছেদিতসকলকো বাংলাদেশী বুলি কৈছিল। কিন্তু তাত উচ্ছেদিত ২,০৫১ টা পৰিয়ালৰ ১,৫৮৩ টা পৰিয়ালক মাটি আৱন্টন দি দলগাঁৱত সংস্থাপিত কৰিছে। হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ নখুটিৰ পৰা উচ্ছেদ কৰা ৭০৭টা পৰিয়ালৰ ২০৬টাক নখুঁটি জাঞ্জু বস্তিত ইতিমধ্যে সংস্থাপিত কৰাৰ বিপৰীতে বাকী ৫০১টাৰ প্ৰতিটো পৰিয়ালকে যমুনা কৃষিপাম নিগমত মাটি আৱন্টন দিয়া হহৈছে বটদ্ৰৱাত উচ্ছেদিত ৩৬৬টা পৰিয়ালৰ ৭টা পৰিয়ালক ৫ৰ পৰা ১২ লাখকৈ মুঠ ৩২.৫ লাখ টকা ক্ষতিপূৰণ হিচাপে দিয়াৰ তথ্য গুৱাহাটী উচ্ ন্যায়ালয়ত দাখিল কৰিছে চৰকাৰে ৷ বাকী পৰিয়ালসমূহক কিমান টকা দিলে সেয়া ৰাজহুৱা হোৱা নাই ৷ আনকি ধুবুৰীৰ চাপৰ আৰু গোৱালপাৰাত শেহতীয়াভাৱে উচ্ছেদ কৰা গৃহহীন পৰিয়ালবোৰকো ৫০ হাজাৰকৈ নগদ টকা সাহায্য হিচাপে আৰু আৱেদন মৰ্মে মাটি আৱন্টন দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে৷উল্লিখিত তথ্যখিনি বৰ্ণনা কৰি জগদীশ ভূঞাৰ প্ৰশ্ন, “যদি উচ্ছেদিত মানুহবোৰ – মুখ্যমন্ত্ৰী বা বিজেপিৰ মন্ত্ৰী-নেতাসকলে কৈ থকাৰ দৰে – বাংলাদেশী বা অবৈধ নাগৰিক (মুখ্যমন্ত্ৰীয়ে আনকি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম বুলি কৈছে ), তেনেহ’লে তেওঁলোকলৈ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন কিয় ? যদি বাংলাদেশী বা অবৈধ নাগৰিক, তেনেহ’লে তেওঁলোকক সীমান্ত পাৰ কৰি বাংলাদেশলৈ পঠিয়াই দিব লাগিছিল। কিন্তু তাকে নকপি যদি ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন দিয়া হৈছে, তাৰ মানে তেওঁলোক ভাৰতীয় নাগৰিক। তাৰ মানে মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ থকা নাই নে ? অনৈতিক ৰাজনীতি কৰি থকা নাই নে ?”শেহতীয়াকৈ ধুবুৰী জিলাৰ চাপৰৰ যি ঠাইত উচ্ছেদ কৰা হৈছে, তাত ( চিৰাকুটা-চৰুৱাবাক্ৰা-সন্তোষপুৰ অঞ্চল ) আদানি গ্ৰুপে ৩৪০০ মেগাৱাট ক্ষমতাসম্পন্ন তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিবলৈ মাটি খালী কৰাৰ প্ৰয়োজন হৈছিল বুলি উল্লেখ কৰি ভূঞাই কয় যে একেদৰে গোৱালপৰাৰা জিলাৰ পাইকানৰ ওচৰৰ উচ্ছেদিত ঠাইত ৰে’লৰ ডবা নিৰ্মাণ কাৰখানা স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে ৷ পূৰ্বে এই কাৰখানা কোকৰাঝাৰ জিলাত স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছিল ৷ কাৰখানাটো আদানি ইনফ্ৰাষ্ট্ৰাকচাৰে নিৰ্মাণ কৰাৰ কথা ৷’তেনেহ’লে ‘বাংলাদেশী উচ্ছেদ’, ‘মাটি জেহাদ প্ৰতিৰোধ’ আদি বক্তব্যৰে ৰাজনৈতিক নাটক কিয় কৰিছে” – ভূঞাৰ প্ৰশ্ন।আদানি আৰু অন্য পুঁজিপতিক মাটি দিবলৈ ৰাজ্যৰ আন কোনবোৰ ঠাইত চৰকাৰে উচ্ছেদ কৰিব খুজিছে তাৰ তালিকা দি ভূঞাই কয় যয কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত আদানি গ্ৰুপে ৩২০০ মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিবলৈ ৩৬০০ বিঘা মাটিৰ প্ৰয়োজন ৷ তাত মূলতঃ বড়ো সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰিব ৷ কাৰ্বি আংলং জিলাৰ লংকাপথাৰত আদানিয়ে ১০০০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ বাবে ২৪খন গাঁৱৰ কাৰ্বি সম্প্ৰদায়ৰ লোকক উচ্ছেদ ককৰি।পশ্চিম কাৰ্বি আংলঙৰ আমতেৰেঙত ৭,১৮৪.৭ একৰ পি জি আৰ-ভি জি আৰ মাটি মুক্ত কৰিবলৈ ২,০৮৬ টা কাৰ্বি আৰু খাচী পৰিয়ালক উচ্ছেদ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সিদ্ধান্ত লৈছে ৷ উক্ত ঠাইত বিহাৰমূলীয় ননিয়া সম্প্ৰদায়ক মাটি আৱন্টন দিয়াৰ লক্ষ্য লোৱাৰ কথা প্ৰকাশ পাইছে ‘ৰচনাত্মক ননিয়া সংযুক্ত সংঘ’ (RNSS) নামৰ আৰ এছ এছৰ সহযোগী সংগঠনটোৱে যোৱা বছৰৰ ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক প্ৰদান কৰা এখন স্মাৰকপত্ৰৰ জৰিয়তে ৷ আআনহাত ডিমা হাছাও জিলাৰ উমৰাংছ’ত আদানীক ৯০০০ বিঘা মাটি লাগে – বছৰি ৪০ লাখ টন উৎপাদনক্ষম – এচিয়াৰ সৰ্ববৃহৎ চিমেন্ট ফেক্টৰী স্থাপনৰ বাবে ৷ পলাশবাৰী-বৰদুৱাৰত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বাবে ১৫০০ একৰ মাটি খালি কৰিবলৈ উচ্ছেদ চলাব ৷ বৰঝাৰ বিমান বন্দৰ আদানীৰ হাতলৈ যোৱাৰ পাছত বৰঝাৰৰ নিকটৱৰ্তী পলাশবাৰীত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিব বিচৰাৰ আঁৰৰ কথা সহজে অনুমেয় ৷ একেদৰে কামৰূপ জিলাৰ পলাশবাৰী-ৰামপুৰৰ দৰাবিলৰ ৫০ একৰ মাটিত লজিষ্টিক পাৰ্ক বনাবৰ বাবে মাটি অধিগ্ৰহণ কৰিব খুজিছে ৷ গোলাঘাটৰ ফলঙণি বীজ পামখন (২৫ একৰ মাটি ) পতঞ্জলি গ্ৰুপক দিবলৈ ওলাইছে পাম খেতিৰ বাবে ৷ কামৰূপ জিলাৰ অসম-মেঘালয় সীমাৱৰ্তী উকিয়ামত কুলসী নৈৰ ওপৰত ৫৫ মেগাৱাট ক্ষমতাৰ জলবিদ্যুৎ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ৷ তাৰ বাবে ২৬খন গাঁও উচ্ছেদৰ পৰিকল্পনা আছে ৷ উক্ত গাঁওকেইখনৰ লগতে বান্ধটোৰ পলত নামনিৰ ৪০০খন গাঁও আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। এইকেইটা মাত্ৰ কেইটামান উদাহৰণহে বুলি উল্লেখ কৰি ভূঞাই কয় যে বৃহৎ পুঁজিপতি গোষ্ঠীক মাটি দিবলৈ খিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ ব্যাপক পৰিকল্পনা আছে চৰকাৰৰ ৷ ইতিপূৰ্বে আন কেইবাঠাইত খিলঞ্জীয়া লোকক উচ্ছেদ কৰি উক্ত মাটি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰিছে চৰকাৰে ৷ উদাহৰণ স্বৰূপে, নগাঁও জিলাৰ মিকিৰ বামুনি গ্ৰান্টত প্ৰায় ১০০টা খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰি সেই মাটি এজিউৰ পাৱাৰ প্ৰা.লি. (Azure Power) নামৰ এটা কোম্পানীক দিছে ৷ তাত এজিউৰ পাৱাৰে ১৫ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প স্থাপন কৰি আছে ৷ পঞ্চতাৰকা যুক্ত হায়াত হোটেল নিৰ্মাণৰ বাবে কাজিৰঙাৰ কঁহৰাৰ ওচৰৰ ইনলে পথাৰ গাঁৱত প্ৰায় ৬০টা কাৰ্বি পৰিয়ালক যোৱা বছৰৰ ৭ জুনত উচ্ছেদ কৰিছিল ৷ পঞ্চতাৰকাযুক্ত তাজ হোটেল এণ্ড ৰিজৰ্ট নিৰ্মাণৰ বাবে যোৱা বছৰৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত কাজিৰঙাৰ হাতীখুলি চাহ বাগান সংলগ্ন ৪৫টা পৰিয়ালক উচ্ছেদ কৰিছিল ৷ গুৱাহাটীৰ শিলসাঁকোত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ১২শ পৰিয়ালক উচ্ছেদ কৰিছিল ৷ তাৰে সৰহভাগ খিলঞ্জীয়া ৷ কামৰূপ মহানগৰ জিলাৰ আমচাং অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী এলেকাত ২০২০ চনৰ ৮ মে’ৰ দিনা উচ্ছেদিত প্ৰাৰ এহেজাৰ পৰিয়ালৰ সৰহখিনি আছিল খিলঞ্জীয়া ৷ উক্ত খিলঞ্জীয়া লোকসকলৰ কাকো ফুটা কঢ়ি এটাও সাহায হিচাপে আগবঢ়োৱা নাই বা পুনৰসংস্থাপিতও কৰা নাই। উচ্ছেদ এটা স্বাভাৱিক আৰু গতানুগতিক প্ৰক্ৰিয়া বুলি উল্লেখ কৰি ভূঞাই কয় যে স্বাধীনতাৰ আগৰে পৰা এই প্ৰক্ৰিয়া চলি আহিছে ৷ প্ৰতিখন চৰকাৰে কম-বেছি পৰিমাণে উচ্ছেদ অভিযান চলাইছে ৷ উন্নয়নমূলক কামৰ স্বাৰ্থত সময়ে সময়ে উচ্ছেদ চলাবলগীয়া হয় ৷ এইটো কোনো নতুন উদ্ভাৱনীমূলক কাম নহয় ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদক কেৱল ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাই নহয়, জাতিক প্ৰতাৰণা কৰাৰ আহিলা হিচাপেও ব্যৱহাৰ কৰিছে ৷তেওঁ কয়, “উচ্ছেদ কৰিছে বৃহৎ পুঁজিপতি গোষ্ঠীক মাটি দিবলৈ, কিন্তু কৈছে অসমীয়াক ৰক্ষা কৰিবলৈ, বাংলাদেশী খেদিবলৈ ৷ এয়া কেৱল জাতিক প্ৰতাৰণা কৰাই নহয়, ই ৰাষ্ট্ৰবিৰোধী কাৰ্য্যও ৷ কাৰণ, যদি বাংলাদেশী খেদিবলৈ বা অসমীয়াৰ স্বাৰ্থত উচ্ছেদ কৰি আছে, তেনেহ’লে ‘সেই বাংলাদেশী’ক টকা দি, মাটি দি পুনৰসংস্থাপিত কৰাটো দেশদ্ৰোহিতা নহয়নে? আৰু যদি সেই লোকসকল বাংলাদেশী নহয় ( যিহেতু পুনৰসংস্থাপিত কৰিছে ), তেনেহ’লে বাংলাদেশী খেদিছো বুলি কৈ জাতি আৰু ৰাষ্ট্ৰক প্ৰতাৰণা কৰা নাই নে ? লগতে, মিকিৰ বামুনি, ইনলে পথাৰ আদি ঠাইত খিলঞ্জীয়াক উচ্ছেদ কৰি; বা পর্বতঝোৰা, লংকাপথাৰ, আমতেৰেং, উমৰাংছ’, পলাশবাৰী আদি ঠাইত খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ লৈ ‘অসমীয়াৰ স্বাৰ্থ’ কেনেকৈ ৰক্ষা কৰিছে ?”আদানি, আম্বানী, ৰামদেৱৰ পতঞ্জলি আৰু অন্য বৃহৎ পুঁজিপতিক গতাবলৈ উচ্ছেদ কৰা কৰিব খোজা মুঠ মাটিৰ পৰিমাণ ৫৫ হেজাৰ বিঘাতকৈ অধিক বুলি উল্লেখ কৰি ভূঞাই কয় যে তাৰ ভিতৰত পূৰ্ববংগীয় মূলৰ লোকক উচ্ছেদ কৰা প্ৰকৃত চৰকাৰী ভূমিৰ পৰিমাণ ৬ হেজাৰ মান বিঘাহে হ’ব ৷ বাকী ৪৯ হাজাৰ বিঘা মাটি খিলঞ্জীয়া লোকৰ ভাগৰ। “গতিকে সবাতোকৈ ডাঙৰ প্ৰশ্ন – উচ্ছেদিত প্ৰায়খিনি পূৰ্ববঙ্গীয় মূলৰ লোকক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়া হৈছে৷ কিন্তু শিলসাঁকো, আমচাং, মিকিৰ বামুনি, কাজিৰঙাৰ ইনলে পথাৰ আদি ঠাইৰ উচ্ছেদিতক ক্ষতিপূৰণ বা পুনৰ সংস্থাপন দিয়া হৈছে নে ? নাই দিয়া ৷ তেনেহ’লে চৰকাৰে উচ্ছেদ অভিযান অসম, অসমীয়া, জাতি বা খিলঞ্জীয়াৰ স্বাৰ্থত বুলি কৈ আছে কিয় ?”- ভূঞাই প্ৰশ্ন কৰে। অসমীয়াৰ স্বাৰ্থ কেনেকৈ সুৰক্ষিত হ’ব, তাৰ স্পষ্ট দিক-নিৰ্দেশনা অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ পৰামর্শ প্ৰদানৰ অৰ্থে কেন্দ্ৰীয় গৃহ মন্ত্র্য়ালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰী বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিয়ে ইয়াৰ পৰামর্শাৱলীত বৰ্ণনা কৰিছে বুলি উল্লেখ কৰি ভূঞাই কয় যে বিপ্লৱ শৰ্মা সমিতিৰ পৰাৱৰ্শাৱলী কি অৱস্থাত আছে, সেই সন্দৰ্ভত চৰকাৰৰ স্থিতি বিভ্ৰান্তিকৰ।এই সন্দৰ্ভত তেওঁ চৰকাৰলৈ নিম্নোক্ত প্ৰশ্নকেইটা নিক্ষেপ কৰে। প্ৰশ্নকেইটা হ’ল, ন্যায়াধীশ (অৱঃ) বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনখন কি পর্য্যায়ত আছে? উক্ত প্ৰতিবেদনখন কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে গ্ৰহণ কৰিলেনে? কমিটীৰ সদস্য সচিবৰ দায়িত্বত থকা কেন্দ্ৰীয় যুটীয়া গৃহ সচিব শ্ৰী সত্যেন্দ্ৰ গাৰ্গে প্ৰতিবেদনখনত চহী নকৰিলে কি? কেন্দ্ৰীয় চৰকাৰে আজিলৈকে প্ৰতিবেদনখন গ্ৰহণ নকৰিলে কিয়? কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে সংসদৰ মজিয়াত ‘উক্ত কমিটীখন অসমীয়া স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গঠন’ কৰি দিয়া বুলি ঘোষণা কৰি কৈছিল যে কমিটীৰ প্ৰতিবেদন ‘দাড়ি-কমা নকটাকৈ ৰূপায়ন’ কৰা হ’ব ৷ কিয় ৰূপায়ন নকৰিলে ? উচ্ছেদ অভিযানৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই বিজেপি দলে ঠায়ে ঠায়ে উলিওৱা ধন্যবাদ ৰেলীক কটাক্ষ কৰি ভূঞাইকয়, “জাতি আৰু ৰাষ্ট্ৰক ইমান ডাঙৰ প্ৰতাৰণা কৰাৰ পাছতো বিজেপি দলে নিজে নিজকে ধন্যবাদ দিবলৈ জিলাই জিলাই সমদল কৰি ফুৰিছে ৷ ইয়াতকৈ লজ্জাজনক কথা আন কিবা হ’ব পাৰে নে ?” সংবাদ মেলত দলটোৰ দুই সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান আৰু অমৃত খাটনিয়াৰ উপস্থিত আছিল।