বাংলাদেশীৰ হাতত থকা একঠা মাটিও আঁজুৰি অনা হ’বঃ মুখ্যমন্ত্ৰী

বাংলাদেশীৰ হাতত থকা একঠা মাটিও আঁজুৰি অনা হ’বঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত যুব শক্তি সমাৰোহত কেন্দ্রীয় গৃহ আৰু সমবায় বিভাগৰ মন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰে। যুৱশক্তি সমাৰোহৰ বিশাল সমাবেশত ভাগ লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সন্মুখত স্পষ্ট কৰি দিয়ে অহা ৫ বছৰত আমি বাংলাদেশীমুক্ত অসম গঢ়িম। প্রায় ১.৫ লাখ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই যুৱশক্তি সমাৱেশত উদাত্ত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্ট কৰি দিয়ে- কোনোবাই যদি অসমৰ ফালে ৰঙাচকু দেখুৱায়, সেই ৰঙাচকু আমি কাঢ়ি আনিম। আমি অবৈধ বাংলাদেশীৰ ওচৰত কেতিয়াও আত্মসমর্পণ নকৰোঁ। অবৈধ বাংলাদেশীক হুংকাৰ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- আমি যুঁজিম, যুঁজি যুঁজি মাতৃভূমি অসমক ৰক্ষা কৰিম। আজি আমাৰ সংকল্প লোৱাৰ সময়, অবৈধ বাংলাদেশীৰ পৰা অসমক মুক্ত কৰি মাতৃভূমিক ভাৰতৰ সৰ্বশ্রেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰি অসমত বিজেপিৰ পুনৰ চৰকাৰ হ’লে আমি এখন নতুন অসম নির্মাণ কৰিম। নতুন চৰকাৰ গঠন হ’লে কোনো বাংলাদেশীয়ে আৰু অসমৰ মাটি দখল কৰিব নোৱাৰিব। আমি কাকো মাটি দখল কৰিবলৈ নিদিওঁ। অসম বিদেশীৰ বিচৰণভূমি হ’বলৈ আমি নিদিওঁ। অসমত ডেৰ লাখ বিঘা মাটি অবৈধ বাংলাদেশীৰ পৰা কাঢ়ি লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত বিজেপিৰ চৰকাৰ পুনৰ গঠন হ’লে চৰকাৰে এটা এটা বাংলাদেশীক বুলড’জাৰ চলাই উচ্ছেদ কৰা হ’ব বুলি উল্লেখ কৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গর্জন তোলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অহা ৫ বছৰত বাংলাদেশীমুক্ত অসম গঢ়াৰ প্রতিশ্রুতি দি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ ভাষণত কয় যে অসমক বাংলাদেশীৰ বিচৰণভূমি হ’বলৈ নিদিওঁ। বাংলাদেশীৰ হাতত থকা একঠা মাটিও আঁজুৰি অনা হ’ব। যদি ক’ৰবাত এবিঘা মাটিও অবৈধ বাংলাদেশীয়ে দখল কৰিছে তেওঁলোকৰ পৰাও সেই ভূমি কাঢ়ি অনা হ’ব। যুৱশক্তি সমাৰোহত অংশগ্ৰহণ কৰা লক্ষাধিক যুৱক-যুৱতীৰ উৎসাহ দেখি মুখ্যমন্ত্রী ড° শর্মাই অভিভূত হৈ নিজকে অসমীয়া জাতিৰ সেনানী আখ্যা দিয়ে আৰু জাতিটোৰ কল্যাণৰ বাবেই তথা জন্মভূমিৰ সুৰক্ষাৰ বাবেই ৰণুৱা ঘোঁৰাৰ দৰে যুঁজি যাব লাগিব বুলি নিজ ভাষণত মন্তব্য কৰে। সমাৰোহত মুখ্যমন্ত্ৰীগৰাকীয়ে আৱেগিকভাৱে নিজৰ অনুভৱো প্রকাশ কৰে। মোৰ প্ৰাণত অসমী আই, মোৰ মনত ভাৰতী আই। মোৰ তেজত অসমী আই, মোৰ উশাহত ভাৰতী আই। ক্ষুদ্র ক্ষুদ্র প্রতিটো খোজ। সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্রয়াস। কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, ৰন্ধে বন্ধে গৈ থকা অন্তহীন স্বাভিমান। কেৱল মোৰ আইৰ বাবে। মোৰ চিত্ৰত্ৰৰ নাম অসম। মোৰ অভিমানৰ নাম অসম। মোৰ বিপ্লৱৰ নাম ভাৰত আৰু মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও ভাগৰিব নোৱাৰোঁ। হাৰিব ধৰিও মই হাৰিব নোৱাৰোঁ। শত্রুপক্ষৰ হাজাৰ চক্ৰান্ত বুকু পাতি লওঁ। কিন্তু শেষ হ’ব ধৰিও মই শেষ হ’ব নোৱাৰোঁ। মোৰ জাতিৰ সেনানী মই। মোৰ জাতিৰ প্ৰহৰী মই। ৰক্তাক্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব। ৰণুৱা ঘোঁৰাৰ দৰে মই চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণত লাচিতৰ হৈ আমি যুঁজিবই লাগিব। মোৰ সাহসৰ নাম অসম। মোৰ সভ্যতাৰ জন্ম সনাতন। মোৰ সংস্কৃতিৰ নাম ভাৰত। মোৰ আত্মবিশ্বাসৰ নাম অসম। মোৰ মনত অসমী আই, মোৰ প্ৰাণত ভাৰতী আই। মোৰ তেজত অসমী আই, মোৰ উশাহতঅসমী আই। সমাৰোহত যুৱক-যুৱতীসকলক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰ, সমাজ, পৰিয়াল আৰু নিজৰ প্ৰতি সকলোৰে দায়িত্ব আছে। এই আটাইবোৰ দায়িত্ব পালনৰ লগতে যুৱ প্ৰজন্মই অসমক এক সোণোৱালী ভৱিষ্যতৰ দিশে লৈ যাব লাগিব। অসমত এতিয়া এসময়ত কল্পনাও কৰিব নোৱাৰা ধৰণৰ উন্নয়ন হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নেতৃত্বত অসমৰ বিভিন্ন উগ্রপন্থী সংগঠনৰ সৈতে ৬খনকৈ শান্তি চুক্তি স্বাক্ষৰিত হৈছে আৰু ১০ হাজাৰ যুৱক-যুৱতী মূলসুঁতিলৈ উভতি আহিছে। অসমত ধলা-শদিয়াৰ দৰে দীর্ঘতম দলং, বগীবিল দলং, যোৰহাট-মাজুলী দলং, নাৰেংগী-কুৰুৱা দলং, নুমলীগড়-গহপুৰৰ মাজত ব্ৰহ্মহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ, কাজিৰঙাত এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ কথা এসময়ত কল্পনাও কৰা হোৱা নাছিল। মুখ্যমন্ত্রীয়ে লগতে কয় যে শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইরে’ নিৰ্মাণ কৰা হ’ব যাৰ ফলত গুৱাহাটী আৰু শিলচৰৰ মাজত দূৰত্ব ৫ ঘণ্টালৈ হ্রাস হ’ব। ড° শর্মাই কয় যে অসমত ২৫খন মেডিকেল কলেজ, এইম্ছ, আইআইএম, জিলাই জিলাই বিশ্ববিদ্যালয় নিৰ্মাণৰ কামো বিজেপি চৰকাৰে কৰিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ প্রতিশ্রুতি দিয়া হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত ৫ বছৰত ১ লাখ ৬৫ হাজাৰক স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে চাকৰি দিয়া হ’ল। ১ লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে ২ লাখ টকাকৈ দিয়া হৈছে। তেওঁ কয় যে এইবাৰ পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিব আৰু ২ লাখ যুৱক-যুৱতীক যুবক-যুবতীক চৰকাৰী চাকৰি দিয়া হ’ব। ১০ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে ২ লাখ টকাকৈ দিয়া হ’ব। প্রতিটো বিধানসভা সমষ্টিত আঢ়ৈ হাজাৰ যুৱক-যুৱতীয়ে এই ধন লাভ কৰিব। ড° শর্মাই কয় যে অহা ৫ বছৰত কোনো ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে মাক- দেউতাকে ধন খৰচ কৰিব নালাগে, সকলোৰে পঢ়াৰ দায়িত্ব বিজেপি চৰকাৰে ল’ব। কংগ্ৰেছৰ দিনত দৈনিক গঁড় হত্যা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা ৫ বছৰত এটাও গঁড় হত্যা হোৱা নাই। যোৱা ৫ বছৰত ডেৰ লাখ বিঘা ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা ৫ বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও কাঢ়ি অনা হ’ব। কোনো অবৈধ বাংলাদেশীক অসমৰ মাটি দখল কৰিবলৈ দিয়া নহ’ব। মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে কয়-‘নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি এখন নতুন অসম নিৰ্মাণ কৰিলোঁ। এইনতুন অসমক সমগ্ৰ দেশৰ ভিতৰতে সর্বশ্রেষ্ঠ বাজ্যলৈ ৰূপান্তৰ কৰিম।’ যুৱপ্ৰজন্মৰ প্ৰতিগৰাকী সদস্যই যাতে নিজৰ পৰিয়ালক চাব পাৰে, জীৱন যুদ্ধত সফল হ’ব পাৰে তাৰ বাবে তেওঁলোকৰ কাষত সদায় থিয় হৈ থাকিব বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। সমাৰোহত কেন্দ্রীয় কন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূর্য, বৈদেশিক পৰিক্ৰমা আদি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা প্ৰমুখ্যে বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ কার্যকর্তা উপস্থিত থাকে।