বাংলাদেশত হিন্দু যুৱকক হত্যা কৰি জ্বলালে মৃতদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশত পুনৰ আৰম্ভ হৈছে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন। বৃহস্পতিবাৰে নিশা দেশখনৰ মৈমনসিং চহৰত এজন হিন্দু যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰে এদল উন্মত্ত জনতাই। এজোপা গছত বান্ধি লৈ অত্যাচাৰ কৰা যুৱকজনৰ মৃতদেহটো পিছত তেওঁলোকে জ্বলাই দিয়ে। প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাটো বৃহস্পতিবাৰে নিশা ময়মনসিংহ জিলাৰ ভলুকা উপজিলাৰ অন্তৰ্গত স্কোৱাৰ মাষ্টাৰ বাৰীৰ ডুবালিয়া পাৰা অঞ্চলত সংঘটিত হয়। নিহত যুৱকজন দিপু চন্দ্ৰ দাস বুলি চিনাক্ত কৰা হৈছে। তেওঁ স্থানীয় এটা গাৰ্মেণ্ট ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰিছিল আৰু সেই অঞ্চলতে ভাড়াতীয়া হিচাপে বাস কৰিছিল। প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত এদল লোকে দিপু চন্দ্ৰ দাসে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ তুলি তেওঁক আটক কৰে। ইয়াৰ পিছতে একাংশ উত্তেজিত লোকে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। উন্মত্ত জনতাই কেৱল প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি, দিপুক এডাল গছত বান্ধি তেওঁক জুই লগাই দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ভলুকা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ভলুকা থানাৰ ডিউটি অফিচাৰ ৰিপন মিয়াই সংবাদ মাধ্যমক জনোৱা মতে, “এদল লোকে নবীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত যুৱকজনক প্ৰহাৰ কৰি গছত বান্ধি জ্বলাই দিছিল।” আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ময়মনসিংহ মেডিকেল কলেজ হাস্পতালৰ মৰ্গলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে জনাইছে যে, তেওঁলোকে নিহত যুৱকজনৰ আত্মীয়ৰ সন্ধান কৰিছে। পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে আশ্বাস দিছে।বাংলাদেশৰ অন্তৰ্বর্তীকালীন চৰকাৰখনৰ তৰফৰ পৰা শুকুৰবাৰে জাৰি কৰা এটা বিবৃতিত এই ঘটনাক নিন্দা কৰা হয় আৰু লগতে কোৱা হয় যে বাংলাদেশত এনেধৰণৰ হিংসাত্মক কাৰ্যৰ কোনো ঠাই নাই। এই হিংসাত্মক অপৰাধক বিয়পিবলৈ দিয়া নহ’ব।
