বাংলাদেশত যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে বাংলাদেশ বায়ুসেনাৰ এখন FT-7BGI যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। উৰণৰ কিছু সময়ৰ পিছতে ঢাকাৰ উত্তৰা অঞ্চলৰ এখন বিদ্যালয় চৌহদত বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষণ বিমান খহি পৰে। এই শোকাৱহ দুৰ্ঘটনাত কমেও ১৯জনৰ মৃত্যু হোৱাৰ বিপৰীতে ১০০জনতকৈ অধিক আহত হয়। নিহতসকলৰ ভিতৰত জেট বিমানখনৰ পাইলট, দুজন শিক্ষক আৰু ১৬গৰাকী ছাত্ৰ-ছাত্ৰী আছে। আটাইতকৈ কম বয়সীয়া মৃত যুৱকজনৰ বয়স ১২ বছৰ। ঢাকাত সংঘটিত এই ভয়ানক বিমান দুর্ঘটনাটোৱে দেশখনক জোকাৰি গৈছে। বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে বায়ুসেনাৰ FT-7BGI এখন ট্ৰেনিং বিমান। আন্তঃসেৱা জনসংযোগৰ তথ্য অনুসৰি যুদ্ধ বিমানখনে দুপৰীয়া ১:০৬ বজাত উৰা মাৰে আৰু দুপৰীয়া ১:৩০ বজালৈ দুৰ্ঘটনাত পতিত হয়। হজৰত শ্বাহজাহান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই দুৰ্ঘটনাৰ তথ্য নিশ্চিত কৰিছে। বাংলাদেশ বায়ুসেনাৰ এই যুদ্ধ বিমানখন ঢাকাৰ উত্তৰ দিশত অৱস্থিত মাইলষ্টোন কলেজ চৌহদত বাগৰি পৰে। জানিব পৰা গৈছে যে দুৰ্ঘটনাৰ সময়ত মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল, গতিকে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী হতাহত হোৱাৰ সম্ভাৱনা আছে। ঢাকা অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি ৮টা অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে।