বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশত পুনৰ হিন্দু যুৱকক নৃশংসভাৱে হত্যা দুর্বৃত্তৰ। এগৰাকী হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা কৰে দুর্বৃত্তই। বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে হিংসাত্মক ঘটনা। শেহতীয়াকৈ দেশখনত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে সংঘটিত হোৱা আন এক গুৰুতৰ ঘটনা পোহৰলৈ আহিছে। নৰসিংদি পুলিচ লাইনৰ গাতে লাগি থকা মছজিদ মার্কেট এলেকাত ২৩ বছৰীয়া এজন হিন্দু যুৱকক নৃশংসভাবে হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চঞ্চল চন্দ্ৰ ভৌমিক নামৰ যুৱকজনক নৃশংসভাৱে এটা গেৰেজৰ ভিতৰত জীৱন্তে জ্বলাই দিয়ে। নিহত চঞ্চল চন্দ্র ভৌমিক নামৰ যুৱকজন বাংলাদেশৰ কমিল্লা জিলাৰ লক্ষ্মীপুৰ গাঁৱৰ বাসিন্দা আছিল। কেইবাবছৰ ধৰি নৰসিংদিৰ এটা গেৰেজত কাম কৰি থকা যুৱকজন কর্মসূত্রে তাতেই বাস কৰিছিল। চঞ্চল আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী । প্রত্যক্ষদর্শী আৰু স্থানীয় সূত্ৰৰ মতে, শুকুৰবাৰে গভীৰ নিশা চঞ্চলে গেৰেজৰ ভিতৰত শুই থকাৰ সময়তে দোকানৰ বাহিৰৰ শ্বাটাৰত পেট্রল ঢালি জুই লগাই দিয়ে। লগে লগে জুইৰ লেলিহান শিখা সমগ্র গেৰেজত বিয়পি পৰে। ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ প্রায় এঘণ্টাৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্রণলৈ আনে। জুই নির্বাপণ কৰাৰ পিছত গেৰেজৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় চঞ্চল চন্দ্ৰ ভৌমিকৰ জ্বলি যোৱা মৃতদেহ। এই ঘটনাক পৰিকল্পিত হত্যা বুলি অভিহিত কৰিছে ভুক্তভোগী যুৱকজনৰ পৰিয়ালে। দোষীক শীঘ্রে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে পৰিয়ালে।
