বাংলাদেশত নির্যাতিত হিন্দুক লৈ কংগ্ৰেছৰ নীৰৱ ভূমিকাক তীব্র সমালোচনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

বাংলাদেশত নির্যাতিত হিন্দুক লৈ কংগ্ৰেছৰ নীৰৱ ভূমিকাক তীব্র সমালোচনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশৰ পৰিস্থিতিৰ প্ৰসংগত কংগ্রেছক লৈ আক্রমণাত্মক হৈ পৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বাংলাদেশৰ পৰিস্থিতিৰ প্ৰসংগত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বাংলাদেশৰ পৰিস্থিতি বর্তমান চিন্তনীয়।অৱশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ চৰকাৰৰ লগত ডিপ্লমেটিক লেভেলত কথা-বতৰা পাতি বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত চলা অত্যাচাৰ বন্ধৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰিব। এই প্ৰসংগতে কংগ্ৰেছৰ ভূমিকাক তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে কংগ্ৰেছ দল আৰু প্ৰিয়ংকা গান্ধীয়ে গাজাৰ পৰিস্থিতিক লৈ বিগত দুই-তিনি মাহ ধৰি যিমান টুইট কৰিছে, প্রতিবাদ কৰিছে তাৰ বিপৰীতে বাংলাদেশক লৈ সম্পূর্ণ নীৰৱে আছে। বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰক লৈ কংগ্ৰেছ দল আৰু প্রিয়ংকা গান্ধীয়ে এটাও শব্দ উচ্চাৰণ কৰা নাই। গাজাৰ পৰিস্থিতিক লৈ সঘনাই টুইট কৰা, ধৰ্ণা দিয়া কংগ্রেছে বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰক লৈ কোনো টুইট কৰা নাই, কোনো মাত মতা নাই। মুছলমানৰ সমস্যা হ’লে কংগ্ৰেছ দলে মাত মাতে, প্রতিবাদ কৰে। কিন্তু হিন্দুৰ সমস্যা হ’লে কংগ্ৰেছে কোনোধৰণৰ মাত নামাতে। বাংলাদেশত হিন্দু মৰি গ’লেও কংগ্ৰেছে এবাৰো নাকান্দে। বাংলাদেশৰ হিন্দু নাগৰিকসকলক ভাৰতে ল’ব নোৱাৰে বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ১-২ কোটি লোকক ভাৰতে ল’ব নোৱাৰে। বাংলাদেশতে তেওঁলোকক নিৰাপত্তাসহ ৰখাৰ ব্যৱস্থা কৰিব। ১৯৫১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বাংলাদেশত হিন্দু নাগৰিকৰ সংখ্যা ৩৩ শতাংশৰ পৰা ৮ শতাংশলৈ হ্রাস হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে  কয় যে অসম, পশ্চিমবংগ আৰু ঝাৰখণ্ডতো হিন্দুৰ সংখ্যা কমিছে। বাংলাদেশত ১৩ শতাংশলৈ হিন্দুৰ সংখ্যা হ্রাস পোৱাৰ বিপৰীতে অসমত হিন্দুৰ সংখ্যা ৯.২৩ শতাংশলৈ হ্রাস পাইছে। ইপিনে, ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কংগ্ৰেছৰ বাবেই এতিয়াও সম্ভৱ হৈ উঠা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এই বিষয়টোক লৈ কংগ্ৰেছ দলে সাপ হৈ খোঁটে, বেজ হৈ জাৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৰাজ্যৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিধানসভাত এটা প্রস্তাৱ গ্ৰহণ কৰিছিল। সেই প্ৰস্তাৱটোত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে বৰ্তমানৰ জনজাতিসকলৰ কোনোধৰণৰ অধিকাৰ খৰ্ব নোহোৱাকৈ কৰিব লাগিব বুলি উল্লেখ কৰে। কংগ্ৰেছে লগাই যোৱা সেই চৰ্তটোৰ বাবেই বর্তমানলৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হৈ উঠা নাই। কাৰণ কংগ্ৰেছে বিধানসভাত গ্রহণ কৰা প্ৰস্তাৱটোত স্পষ্টকৈ বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিছিল।