বাংলাদেশত আইপিএলৰ সম্প্ৰচাৰত নিষেধাজ্ঞা আৰোপ চৰকাৰৰ 

বাংলাদেশত আইপিএলৰ সম্প্ৰচাৰত নিষেধাজ্ঞা আৰোপ চৰকাৰৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- মুস্তাফিজুৰ ৰহমানক লৈ অন্ত পৰা নাই বিতর্ক। বাংলাদেশী তাৰকা বলাৰগৰাকীক আইপিএলত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞাৰ প্ৰতিবাদত বাংলাদেশ চৰকাৰে আন এক ডাঙৰ সিদ্ধান্ত গ্রহণ কৰিছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি-২০ প্রতিযোগিতাখনত মুস্তাফিজুৰক বাদ দিয়াৰ পিছতে বাংলাদেশে আইচিচি টি-২০ বিশ্বকাপৰ মেচ ভাৰতত নেখেলে বুলি জনাইছিল। এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ ছিজনৰ সম্প্ৰচাৰত অনিৰ্দিষ্টকাললৈ নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ । কলকাতা নাইট ৰাইডাৰ্ছ দলৰ পৰা বাংলাদেশৰ পেচাৰ মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিয়াৰ বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই মেগা ক্ৰীড়া ইভেণ্টৰ ক্ষেত্ৰত এই কঠোৰ সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ । অন্তৱৰ্তীকালীন চৰকাৰখনে আইপিএলৰ সম্প্ৰচাৰ বন্ধ কৰাৰ আইনী পদ্ধতি সন্দৰ্ভতো আলোচনা কৰে। উপদেষ্টা ছৈয়দা ৰিজৱানা হাছানে কয়, বাংলাদেশৰ তাৰকা পেচাৰ মুস্তাফিজুৰ ৰহমানক আইপিএলৰ পৰা বাদ দিয়াৰ সন্দৰ্ভত চৰকাৰে আনুষ্ঠানিক সঁহাৰি দিব আৰু বাংলাদেশে শক্তিশালী স্থিতি গ্রহণ কৰিব। বাংলাদেশত আইপিএল সম্প্ৰচাৰৰ কর্তৃত্ব টি-স্প’ৰ্টছৰ হাতত আছে। কোম্পানীটোৱে ২০২৩ চনত Viacom ১৮ৰ সৈতে চুক্তিবদ্ধ হৈছিল। এতিয়া ইউনুছ চৰকাৰে সেই অধিকাৰ বাতিল কৰাৰ নিৰ্দেশ দিছে। বাংলাদেশ চৰকাৰে এক বিবৃতিত কয় যে বিচিচিআইৰ এই সিদ্ধান্তত বাংলাদেশৰ জনসাধাৰণ হতাশাত ভুগিছে আৰু ক্ষুব্ধ হৈ পৰিছে। জনস্বাৰ্থত আৰু সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমোদন সাপেক্ষে আইপিএলৰ সকলো মেচ আৰু ইভেন্ট সম্প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰে স্পষ্ট কৰি দিছে যে পৰৱৰ্তী জাননী নিদিয়ালৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী হৈ থাকিব। ইয়াৰ ফলত বাংলাদেশৰ কোটি কোটি ক্রিকেট অনুৰাগীয়ে আইপিএল চোৱাৰ পৰা বঞ্চিত হ’ব। বিশেষজ্ঞসকলৰ মতে, বাংলাদেশে বিশ্বৰ জনপ্রিয় ক্রিকেট লীগ দেখুৱাব নোৱৰাৰ সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রভাৱ পেলাব।