বহু পথ আৰু বাকী
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
আৰু বহু পথ চলা বাকী
উঠা যে পথিক উঠা
খোজ দিয়া আগলৈ
আৰু যে বহুত পথ বাকী।
নিৰ্জন পথৰ নিশাৰ মাজত
জিলিকা তৰাই পোহৰ বিলাই
সেইটোহে আলোকৰ সন্ধান দিয়ে
হেৰৌ সন্ধিয়া হ’লেও নাই ভয়।
বাধা-বিঘিণি হ’বই বাৰু
ক্লান্তিত ভাগৰি পৰিবই
তথাপি থমকি ৰ’ব নালাগে
জীৱন যে এক অবিৰত যাত্ৰা।
সপোনৰ নগৰী দূৰৈত
লক্ষ্য হিয়াত লৈ
উঠা হে পথিক উঠা
খোজ দিয়া আগলৈ।।
আৰু বহু পথ চলা বাকী
উঠা হে পথিক উঠা
খোজ দিয়া আগলৈ
আৰু যে বহুত পথ বাকী।