“বহু ক্ষেত্ৰত চহৰেই ভাল !”
হেৰাই যাবলৈ চহৰ বহুতেই ভাল ।
গাঁৱত ঘাঁডোখৰত নিমখ দিয়া মানুহ বহুত আছে ,
চহৰত বুকুৰ ঘাঁবোৰ গোপনে থাকে ।
নিজৰ দুখ পাহৰি সামাজিক হ’ব নোৱাৰিলে
চহৰত থকাই ভাল ।
চহৰত অকলে অকলে কান্দিব পাৰি ,
অকলে অকলে হাঁহিব পাৰি ,
যাওঁ বুলিলেই বহু দূৰ যাব পাৰি … !
বহু ক্ষেত্ৰত চহৰেই ভাল ।
গাঁৱৰ বিধবাজনী
চহৰত শান্তিৰে থাকিব পাৰে ,
গাঁৱৰ নি:সন্তান নাৰীগৰাকী
চহৰত শান্তিৰে থাকিব পাৰে ,
কলংকৰ চেকা লগা এটা জীৱনে
নতুনকৈ জী উঠিব পাৰে ,
চহৰত ঠন ধৰি উঠিব পাৰে
যিটো গাঁৱৰ মানুহে সহজে নিদিয়ে ।
গাঁৱত অতীত থাকে
চহৰত মাথোঁ বৰ্তমান ।
চহৰে সকলোকে আঁকোৱালি লয় ।
বহুতৰ বহু কোলাহল নিৰৱ হৈ থাকে ।
শান্তিপুৰ , জিলিকনি চ’ক