বহুদিন আগতে
প্ৰভাত বণিয়া
মনত আছেনে জনাকীৰ্ণ আবেলি
তোমাক দেখিছিলো
চালে চকু ৰোৱা
নিৰিবিলি নৈৰ ঘাট লাস্যময়ী
লয়-লাস ভংগীমা
স্নানৰতা অপৰূপা তুমি
আকুলতাৰে ভৰা নৈপৰীয়া বাট
বুকুৰ বাগিচা শুৱাই ফুলি থাকে
শুভ্ৰ শৰতৰ শেৱালি
হেঁপাহেৰে বোটলো এপাহ দুপাহ
তুমি বৰ মোহময়ী
তোমাৰ সুগন্ধি সুৱাসেৰে আহা
মন জুৰাও
জীপাল কৰোঁ নিয়ৰস্নাতা এই
শাৰদী পুৱা ।