ব’হাগ,অসম আৰু অসমীয়াৰ গভীৰ উশাহ। সৌ তাহানিৰে পৰা আদর্শৰ আঁত ধৰি বʼহাগে আছে জাতিটোৰ সাৰথি হৈ। সেয়েহে লুইত পুত্ৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱে কয়,
ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ ।
বʼহাগ অসমীয়া জনজীৱনৰ হৃদস্পন্দন। এই বʼহাগেই লঠঙা বিৰিখক সেউজীয়া সাজেৰে সজাই সেউজমতী কৰি তোলে । চেতনাৰ প্ৰৱাহ স্থলীত এই ব’হাগেই নব্য সম্ভাৱনা সিঁচে। সেয়েহে ব’হাগ লুইতৰ ঢৌৱে ঢৌৱে তৰংগায়িত । পখীৰ কলৰৱতো ব’হাগ উদ্ভাসিত । আইতাৰ তাঁতশালত বʼহাগে আঁকে নৱ নৱ চিত্ৰ। কোনোবা গাভৰুৰ মনৰ প্ৰান্তৰত বʼহাগে গায় নিত্য প্ৰত্যাশাৰ গান । ব’হাগ আৰু খেতিয়কৰ মাজতো আছে এক নিবিড় সম্পৰ্ক। যদিওবা আজিৰ ব’হাগ সৌ তাহানিৰ নহয়। তাহানিৰ ব’হাগ আছিল মুকলি মুৰীয়া, নাছিল কোনো সংশয়। আজিৰ ব’হাগ চিন্তাক্লিষ্ট। ভাৰাক্ৰান্ত । বৃটিছৰ অপশাসনৰ কবলত পৰি পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত হৈ এচাম সুবিধাবাদীয়ে বিহুটোক বিঘ্নিত কৰিছিল। যাৰ ফলশ্ৰুতিত পথাৰৰ বʼহাগ গৈ মঞ্চত উঠিছিল। এইখিনিতে এটা প্ৰশ্ন মঞ্চ বিহুৰ প্ৰয়োজন কি আছিল? বিহুটোক কৃত্ৰিমতাৰ গৰাহলৈ ঠেলি দিয়াৰ বোধকৰোঁ কোনো আৱশ্যক নাছিল। বোধকৰোঁ সংস্কৃতিৰ সোঁত সলনি হয়, কোনোকালে স্থবিৰ নহয়। কিন্তু বিহুটোৰ স্বকীয় মৰ্যাদা অক্ষুণ্ণ ৰখাটো অসমীয়াৰ গধুৰ দায়িত্ব। এয়া ব’হাগৰ স্বকীয় স্বৰূপ নাছিল। হলিৰাম ঢেকিয়াল ফুকনে বিহুক অশোভন বুলি নিন্দা কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনেও বিহুক ব্যাভিচাৰ আখ্যা দিছিল। কবি তথা বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱা আৰু আসাম বান্ধৱে বিহুৰ পৰিৱৰ্তে দুৰ্গা পূজা অনুষ্ঠিত হ’ব লাগে বুলি মত পোষণ কৰিছিল। ১৮৯৮ চনত বুদ্ধিন্দ্ৰনাথ দিহিলিয়াল ভট্টাচাৰ্যই বিহুক নিষিদ্ধ কৰিবলৈ বৃটিছ চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনাইছিল। আৰু সেই আহ্বান বৃটিছ চৰকাৰে গ্ৰহণ কৰি এচাম তোষামোদ কাৰী বিষয়াৰ সৈতে মিলিত হৈ বিহুক নিষিদ্ধ কৰিছিল। সেই সময়তে কিন্তু ঢোলৰ ওজা মৈমত টাটিঙা হাজৰিকা আৰু চেনি গাভৰুই গুৱাহাটীত গৰ্ডন চাহাবৰ আগত বিহু নাচি প্ৰমাণ কৰিছিল _ বিহু নাচত অশ্লীলতাৰ পৰিৱৰ্তে অসমীয়াৰ অস্তিত্ব আছে। জীৱনৰ কলাত্মক উপস্থাপন আছে । উল্লেখযোগ্য যে মৈমত টাটিঙা হাজৰিকা এজন মুছলমান ব্যক্তি আছিল। এইখিনিতে মনলৈ আৰু এটি চিন্তা আহিছে, ধৰ্মযুদ্ধ, তথা বৰ্ণযুদ্ধই নকৈ যেন ভাইৰাছ হৈ বিয়পিছে অসমীয়াৰ মনত। মুছলমান বিদ্বেষ আৰু এক বৃহৎ যুদ্ধ সাম্প্ৰতিক সময়ৰ যেন মাৰাত্মক ৰোগ। এই ৰোগে এদিন অসমীয়াৰ অস্তিত্ব বিপন্ন কৰাটো নিশ্চিত। সেয়া নৌহওঁতেই আমি বিচাৰোঁ ৰাম আৰু ৰহিমে একেখন গামোচাকে লৈ একেটি সুৰতেই বাঁহীটি বজাই স্বজাতিৰ কল্যানৰ গীতকে জুৰক। এইদৰে ,
লুইতৰে পাৰৰে আমি অসমীয়া
নহওঁ মুছলমান হিন্দু
জাতিৰ নিচিনা নাই কোনো জনা
সবাই লগ হৈ চাফ চাফ কৰোঁ
বিহুৰ এই আনন্দ।”
যিদৰে বিহুক লৈ বহুজনেই অপবাদ দিছিল তাৰ সমান্তৰালকৈ এদল যোদ্ধাই বিহুক জীয়াই ৰাখিবলৈও অক্লান্ত চেষ্টা কৰিছে, সেয়া শলাগনীয়। লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল, বিহুৱে কাকো দুখ নিদিয়ে। সকলোকে ৰং দিয়ে। সেই দেখি বিহুক লোকে হাঁহে , বেয়া পায়। পশ্চিমবঙ্গৰ বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক হেমাংগ বিশ্বাস ডাঙৰীয়াই লিখিছে…….
“অসমত যি নাই, বিহু নামত/ বিহু গীতত সি নাই। বিহু নামত/ বিহুগীতত যি আছে , অসমত সিয়েই আছে।” বিহু জাতীয় সম্প্ৰীতিৰ বাহক। চৈয়দ আব্দুল মালিকৰ‘ সূৰ্য্যমুখী ফুলৰ স্বপ্ন ‘ ত বিহুৰ অনন্য স্বৰূপ প্ৰকাশিত হয়। বিহুগীতৰ অমিয় ধাৰা অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকা,খগেন মহন্ত, মৃদুলা হাজৰিকা, মিতালী চৌধুৰী, নীলাক্ষী নেওগ, কুইন হাজৰিকা, মহেন্দ্ৰ হাজৰিকা ইত্যাদি গণ শিল্পীৰ কষ্ট উল্লেখযোগ্য। তাৰোপৰি জুবিন গাৰ্গ,ভিতালী দাস আদি প্ৰাণৰ শিল্পীও বিহুগীতৰ আধুনিক ধাৰাটি জনমানসত প্ৰতিষ্ঠা কৰে ।
হেমাংগ বিশ্বাসে বৰ সুন্দৰকৈ এটা কথা প্ৰকাশ কৰিছে – “ধৰ্মপ্ৰভাৱমুক্ত ইহজাগতিকতা আৰু শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতাই বিহুৰ স্বকীয় দৰ্শন” । এইখিনিতে ৰাম কুমাৰে তিনিটা বিহুৰ ভিতৰত কৈছে “ইহাৰ মধ্যে চৈত্ৰ বিহুকেই জাতীয় পৰ্ব বলা যাইতে পাৰে।” লেখক প্ৰসেনজিৎ চৌধুৰীয়ে ৰাম কুমাৰৰ এই বাক্য উদ্ধৃত কৰি কৈছে যে “খুউব সম্ভৱ বহাগ বিহুক প্ৰকৃত অৰ্থত জাতীয় উৎসৱৰ মৰ্যদা দিয়া প্ৰথম মানুহজন বংগদেশীয় ব্ৰাহ্ম প্ৰচাৰক ৰামকুমাৰ বিদ্যাৰত্ন। কিয়নো ১৮৮১ চনৰ পূৰ্বে কোনোবাই নি:সংকোচে ব’হাগ বিহুক জাতীয় উৎসৱ বুলি অভিহিত কৰাৰ তথ্য আমি এতিয়ালৈকে পোৱা নাই।” আজিৰ বিহু প্ৰতিযোগিতামুখী, ব্যৱসায় কেন্দ্ৰিক। আজি ডেকা গাভৰুৱে ৰাতি এপৰলৈকে গাঁৱে গাঁৱে গৃহস্থৰ কুশলাৰ্থে হুচৰি নাগায়। চান্দাৰ লালসাই মোহাচ্ছন্ন কৰা এচাম অসমীয়াই আজি বিহুটোৰ স্বাভিমান ব্যাহত কৰাটো পৰিলক্ষিত হয়। বিহুটোক অত্যাধিক প্ৰতিযোগিতামুখৰ কৰি সাধাৰণ দুখীয়া অৰ্থনৈতিক ভাৱে দুৰ্বল মানুহখিনিৰ পৰা যেন আঁতৰাই ৰখা হৈছে। ইয়াত মাথোঁ ধনী ব্যৱসায়ী তথা প্ৰতিষ্ঠানসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে য’ত অসমীয়াৰ বাপতি সাহোন বিহুটোৰ স্বকীয় অস্তিত্ব বিপদাপন্ন হৈছে। আজিৰ গাভৰুৱে তাঁতশাল / মাটিশালত বৈ চেনাইক বিহুৱান নিদিয়ে।তাৰ পৰিৱৰ্তে বজাৰৰ মেচিনত বোৱা গামোচা উপহাৰ দিয়ে। আজি ঢেঁকীশালত শুনিবলৈ পোৱা নাযায়,
ঢেঁকী দি থাকোঁতে তোলৈ মনত পৰে,
বাঢ়ণি হাতত লৈ কান্দো…
আৰৈ ধান লেচীয়া বানিবি কেতিয়া,
কুলাতকৈ চালনি ঘন…”
আজিকালি অতি দুৰ্ভাগ্যজনকভাৱে এইখন অসমতে গৰু বিহুৰ দিনাখন কুকুৰক গা ধুওৱাও দেখা যায়। জীৱ প্ৰেম কৰাটো আৱশ্যক। কিন্তু অত্যাধুনিকতাৰ কবলত পৰি অসমীয়াই নিজৰ বিনাশকাল নিজেই মাতি আনিছে, সেয়েহে সুধাকণ্ঠই গীতৰ কথাৰে স্বজাতিক সাৱধান বাণী শুনাই এইদৰে,
আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ’ব,
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব,
সেই হেতুকে হতাশগ্ৰস্ত হৈ দুচকুত বিৰহৰ জুই লৈ মহেন্দ্ৰ হাজৰিকাদেৱে গীতৰ কথাৰে কয়,
কঙালী পঠিয়ালো সুখে_ দুখে
ভোগালীত হেৰালে ভোগ
এইহেন ৰঙালীও কঙাল কৰিলে কোনে
জুই জ্বলিছে দুচকুত
আজি জেতুকা পাতৰ বোলৰ পৰিৱৰ্তে নাচনীয়ে হাতত আল্টা, মেহেন্দী লগাই। খোপাত প্লাষ্টিকৰ কপৌফুল পিন্ধে। বৰ্হমথুৰি বহু সংখ্যকে চিনিয়েই নাপায়। মাথোঁ বাহ্যিক আড়ম্বৰতা ৰক্ষা কৰিবলৈহে বিহুটি উদযাপিত হয় যেন বোধ হয়। শেষত যি বʼহাগে জাতিটোৰ মন প্ৰাণ ধুৱাই চিৰ প্ৰশস্ত কৰি ৰাখে আমি সেই ব’হাগেই বিচাৰোঁ। আমি সেই বিহু বিচাৰোঁ যি কেৱল ফাংচন নহয়। ক্লান্তজনৰ অশ্ৰু মচি স্বজনক শান্ত, সজীৱ, নিৰোগী কৰি ৰখাই যেন বিহুৰ মূল লক্ষ্য হওঁক । বিহু জাতিটোৰ জীয়াৰ শক্তি হৈ থাকক। বিহু ফাংচনৰ নামত যুৱ শক্তি উশৃংখলিত কিম্বা পতিত নহওক। যুৱ শক্তি উদ্যমী হৈ বিহুটিক জীয়াই ৰখাৰ হেতু প্ৰতিজ্ঞাবদ্ধ হওঁক। ব’হাগ অসম আৰু অসমীয়াৰ গৌৰৱৰ বাহক হৈ থাকক।অন্তঃত সুধাকণ্ঠৰ ভাষাৰেই ক’ব বিচাৰিছোঁ,
বিহুটি বছৰি আহিবা
অসমী আইকে জগাবা
বিপদৰ কালতো মাহ হালধীৰে
জাতিটোৰ দেহ মন ধোৱাবা।
