“বহাগ”- হিমাদ্ৰী বৰকটকী

“বহাগ”

নঙলা মুখত ৰৈ থাকোঁতে

কেতিয়া যে বহাগ পালেহি গমেই নাপালোঁ

কুলিজনীৰ মধুৰ মাতত আপোন পাহৰা হলোঁ

কপৌফুল, নাহৰে মিচিকি হাঁহিৰে

নাচনীৰ খোপাত জিলিকাই তুলিলে

ধোল পেঁপাৰ মাতত উদুলি মুদুলি

নাচনীৰ ততে নাই গাত

দুহাতত জেতুকাৰ বোল

বাজিছে পেপাৰ সুৰ

দূৰ দূৰণিৰ পৰা ভাঁহি আহে

ঢোল, পেঁপা , গগণাৰ সুৰ

ডেকা গাভৰুৱে জনাব খোজে

সঞ্চাৰ হোৱা প্ৰেমৰ বতৰা

ৰিৱ ৰিৱ মলয়া বতাহ জাকে

মন প্ৰান হৰি নিয়ে

মিচিং ডেকাই ৰিঙিয়াই

জনাব খোজে হৃদয়ৰ আকুলতা

মৰমী কনেঙজনীক

মুহূৰ্ততে লীন হৈ যায়

স্বাগতম জনাইছোঁ তোমাক বহাগ

নীল আকাশৰ মজিয়ালৈ

মৃদু বতাহৰ স্পৰ্শত

সুগন্ধি সৌৰভ বিলাই

তোমাৰ আগমনে

ধাৰালৈ আনিব

বসন্তৰ সুভাষ…

  হিমাদ্ৰী বৰকটকী

                       শিৱনগৰ , ২ নং উপপথ

                             নগাঁও