“বহাগ সম্পৰ্কৰ আপোন এনাজৰী, বহাগ অসমীয়া সমাজ জীৱনৰ আয়ুস ৰেখা, যুগে যুগে বহাগে অসমীয়াৰ আপোন হৈ ৰঞ্জিত হৈ পৰক,সকলো অসমীয়াক একতাৰ ডোলেৰে সুদৃঢ় কৈ বান্ধি ৰাখক…”
বহাগ আহিলেই অসমীয়া মানুহৰ আবেগত মন প্ৰাণ উথলি উঠে।বিহুবলীয়া সকলো অসমীয়াৰ নৱবৰ্ষটি আদৰি লোৱাৰ যি প্ৰস্তুতি ,সেই প্ৰস্তুতিয়ে হৃদয়ত নতুনকৈ হেপাঁহবোৰ জগাই তোলে।ঢোল-পেঁপা-গগনা ৰ সুললিত শব্দৰ মূৰ্ছনাত নাচনীয়ে ঢুলীয়া ককাইটিৰ ঢোলৰ চেৱেচেৱে ককাল ঘূৰাই ঘূৰাই নাচি নাচি বহাগক অতি আকুলতাৰে আদৰে বাবেই হয়তো বহাগৰ বিহুটিয়ে কেৱল যেন ভাৰতবৰ্ষৰ ভিতৰতেই নহয় সমগ্ৰ বিশ্বৰ ভিতৰতেই এক একক আৰু অনন্য মাত্ৰা প্ৰদান কৰি বিহুটিক অসমীয়া সমাজ জীৱনৰ এক সুকীয়া সাংস্কৃতিক পৰম্পৰা ৰূপে গঢ়ি তুলিবলৈ সক্ষম হৈছে।সাধাৰণতে কৃষি কেন্দ্ৰীক এই সাংস্কৃতিক পৰম্পৰা খেতিয়ক ৰাইজৰ কষ্টৰ বাবেই এক বিশেষ মৰ্য্যদা বহন কৰি আহিছে।কৃষিৰ বাবে প্ৰয়োজন মাটি আৰু সেই মাটিতেই কৃষকৰ কষ্টৰ ফচলৰূপে খেতিপথাৰত সেউজীয়া শস্যৰ সোণ গজে আৰু এদিন সোণালী শস্যৰে খেতিপথাৰ ভৰি পৰে।খেতিয়ক ককাইদেউৰ হৃদয় আনন্দত উথলি উঠে। দুদিনীয়া মানৱ জীৱনৰ সুখ-দুখৰ নৈ খনত প্ৰতিটো বসন্তত এই বহাগেই কৃষক ৰাইজৰ আশাবোৰ হৃদয়ত সঞ্চিত কৰে,প্ৰেৰণা যোগাই,কাতি মাহত শ্ৰদ্ধা সহকাৰে খেতিপথাৰত বন্তি জ্বলাই আৰু মাঘৰ মাহত সেই আশাই পূৰ্ণতা পায়।সীমাহীন কষ্ট, অসীম ধৈৰ্য্য আৰু শ্ৰদ্ধাৰ ফলতেই ন উদ্যমেৰে বহাগত সপোন লৈ মাঘত সেই সপোনক দিঠকত ৰূপ দিবলৈ সক্ষম হোৱা কথাবোৰে অৱশ্যে ইয়াৰ মাজতেই কৃষক ৰাইজে কিমান যে ঘাত-প্ৰতিঘাত,কিমান যে সংঘাত অতিক্ৰম কৰিবলগীয়া হয় সেইয়া বৰ চিন্তনীয়। তথাপিও বহাগত সৃজিত সপোনক লৈ বিহুটিক আদৰাৰ যি প্ৰস্তুতি সেইয়া নিসন্দেহে বিনন্দীয়া।অসমীয়া সমাজ জীৱনক ঘাইকৈ কৃষিৰ সতে জড়িত কৰা এই বিষয়টোৱে সমগ্ৰ অসমীয়া জাতিটোকেই হৃদয়ত একতাৰ ডোলেৰে বান্ধি ৰাখিছে।আজিকোপতি এই একতাৰ এনাজৰী সবল আৰু সুন্দৰ হৈ আছে।বৰ্তমান সময়ত প্ৰাসংগিক কিছু কথা নথকা নহয়, যাৰ বাবে বিহুৰ পূৰ্বৰ ঐতিহ্য আৰু আপোনত্ব কিছু পৰিমাণে লাঘৱ হৈছে।আধুনিকতাৰ বতাহ, সৰু পৰিয়াল ব্যৱস্থাৰ উত্তৰণ আৰু লাহে লাহে বিলুপ্ত হ’বলৈ ধৰা যৌথ পৰিয়াল ব্যৱস্থা, কৃষিৰ প্ৰতি অনীহা,থলুৱা ভাবে উৎপাদিত সামগ্ৰীৰ গুণগত মানদণ্ডৰ বিশেষ তাৰতম্য তথা বজাৰ সৰ্বোচ্চ লক্ষ্য,আধুনিক শিক্ষাৰে শিক্ষিত কিছু আত্মকেন্দ্ৰীক নতুন আৰ্থ সামাজিক ব্যৱস্থা,
মোবাইল-ইন্তাৰনেটৰ যুগৰ ভৰপুৰ পয়োভৰ,পশ্চিমীয়া সভ্যতাৰ প্ৰতি ধাৱমান হোৱা, অঘোষিত নগৰকেন্দ্ৰীক যান্ত্ৰিকতাৰ যুঁজ ইত্যাদি বিষয় সমুহেই ঘাইকৈ জগৰীয়া।কেতিয়াবা মনত শংকা ওপজে, আমাৰ বাপতি-সাহোন বিহুৰ আত্মিক আপোনত্ব আমাৰ মাজৰ পৰা হেৰাই গ’লে, আমি জানো অনাগত দিনবোৰতো শক্তিশালী অসমীয়া জাতি হৈ জীয়াই থাকিব পাৰিম। তথাপিও সদায় মনে প্ৰাণে আশাকৰোঁ বহাগে আমাক সদায়ে উৎসাহিত কৰি জীয়াই ৰাখিব, কাৰণ বিহু যে আমাৰ অতিকৈ আপোন, প্ৰাণৰো প্ৰাণ, একক আৰু অনন্য অসমীয়া জাতি হিচাপে বিশ্বৰ দৰবাৰত জীয়াই থকাৰ বাবে বহাগেই আমাৰ চেতনা ,বহাগেই আমাৰ অংশুনাভ!নহয়নে!
ৰাজীৱ তালুকদাৰ
