বহাগ – শিখা ৰাণী দাস

Pc Pinterest

বহাগ

শিখা ৰাণী দাস
গোৰেশ্বৰ

ৰঙতে ৰঙ তুলি
পদূলিমুখত বসন্ত আহি,
এবুকু ৰঙীনতাৰ ভাৰ বান্ধি
বহাগীৰ দুগালত ৰূপতে
ৰং চৰাইছে…!
কুলিৰ কুমলীয়া সুৰে আনিছে,
নৱ বসন্তৰ বতৰা…!
বৰদৈচিলাজনী বাউলী হৈ আহিছে…
তাইৰ চেঁচা পৰশতেই বহাগ নামিছে !
সেউজীয়াবোৰ চাৰিওফালে বিয়পিছে,
ৰঙালীৰ ৰাঙলী হৃদয়ত….!
বসন্তৰ তেজাল ৰঙৰ
সমাহাৰেই বহাগ,,,,
বহাগ ৰৌদ্ৰোজ্জ্বল হাঁহিৰ সোণাৰু
আৰু নাহৰ তগৰ কপৌপাহিৰ
 স্নিগ্ধতাৰ আবিৰৰ লগতে ,
বহাগৰ কুঁহিপাতৰ শ্যামলিমা…
 বহাগৰ মধুময় বাহুবন্ধনত
প্ৰাণৱন্ত হ’ওক সকলোৰে জীৱন,
আৰু হৃদয়ৰ জেতুকাবুলিয়া সপোন!
প্রতিশ্রুতিবদ্ধ বসন্তই  নতুনত্বৰ সুঘ্রাণ সিঁচি
আকৌ লৈ আহক আনন্দৰ বন্যা,
প্ৰেমৰ কবিতা , সেউজ প্রকৃতিৰ
অপৰূপ সুন্দৰতা….!