বহাগ মানে কি – মনোজ বৰা

বহাগ মানে কি
মনোজ বৰা, যোৰহাট 
বহাগ মানে কি…
বহাগ মানে হৈছে বসন্ত ঋতু
অসমীয়াই মনেপ্ৰাণে ভালপায় যিটো
বহাগ অসমীয়া এটি আবেগ
বহাগ মানে এটি স্নেহন্ধন
বহাগ হৈছে অসমীয়া জাতীয় জীৱনৰ প্ৰতীক
বহাগ মানে অসম আৰু অসমীয়া পৰিচয়
বহাগ হৈছে সমন্বয়ৰ এটি সত্বা ।
বহাগৰ সৌন্দৰ্য কি…
 বহাগ আকৌ জাতীয় সংস্কৃতিৰ ধ্বজাবাহক
বহাগ হৈছে অসমীয়া জাতিৰ মান
বহাগে আদৰি আনে এটি নতুন বছৰ
 বহাগত প্ৰকৃতিয়ে পায় নতুন ৰূপ
বহাগত বৰদৈচিলাজনী আহিলে মনৰ হেঁপাহ
 বোৰ জাগে বিহুৱান খন ব’বলৈ ভাল লাগে।
বহাগে কি আনে…
বহাগে অসমলৈ কঢ়িয়াই আনে সম্প্ৰীতি
বহাগে দিয়ে ফুল ফুলাৰ বতৰা
বহাগত অসমীয়াৰ সাতবিহু হয়
বহাগতে চাৰিশাল গোসাঁনীত সেৱা কৰে
বহাগত গছৰ নকুঁহিপাতত চৌদিশ সেউজ হয়
নৈ খাল বিলৰ পানী সকলোতে ভৰি পৰে।
বহাগ কিয় প্ৰিয়…
 বহাগত কুলি চৰাইজনী মাতত শান্তি আহে
 বহাগত তাঁতশালৰ মাকো, মহোৰাবোৰ ঘূৰে
বহাগত শিপিনীবোৰে নতুন গামোচা বয়
বহাগত ডেকাগাভৰু যৌৱনভৰা পিৰীতি
 বহাগৰ চিৰা,তিলপিঠা, সান্দহ, দৈ আৰু
থলুৱা জলপানৰ সোৱাদ কিনো লবা আৰু।
বহাগত আহিবা ৰঙিলীজনী হৈ
পাহাৰ ভৈয়ামত নাচিবা ৰূপহীজনী হৈ
বহাগৰ কথা কৈ থাকিলেও নপৰে ওৰ
বহাগ আহিলেই কিয় জানোঁ যৌৱন বিভোৰ।।