” বহাগ বিহু “- হিমাদ্ৰী বৰকটকী

” বহাগ বিহু “

 ” বিহু আনন্দীয়া বিহু বিনন্দীয়া

                  বিহুৰ মৌ – মিঠা মাত

         বিহুৰ বা লাগি নাচনী ভনীটি ঐ

                     ততে নাইকিয়া গাত “

      প্ৰতিটো জাতিৰে নিজৰ নিজৰ একোটা জাতীয় উৎসৱ আছে। জাতীয় উৎসৱৰ দ্বাৰা জাতিটোৰ নিজা সংস্কৃতি প্ৰকাশ পায়। বিহু হ’ল অসমীয়াৰ জাতীয় উৎসৱ। বিহু তিনিটি….বহাগ বিহু , কাতি বিহু আৰু মাঘ বিহু । বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। বাপতি সাহোন ৰঙালী বিহুটি চʼত মাহৰ শেষৰ দিনা খনৰ পৰা বহাগৰ ছয় তাৰিখলৈকে সাত দিন উদযাপন কৰা হয় । এই বিহুৰ প্ৰথম দিনটোক গৰু বিহু বুলি কোৱা হয়। সেইদিনা গৰুক মাহ – হালধীৰে গা ধুওৱা হয় । গৰুক নতুন পঘা দিয়া হয়। গৰুৰ চাত বনাই লাউ খা , বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি গৰুৰ গাত চাত মৰা হয় । আবেলি গৰুক জাক দিয়া হয়। দ্বিতীয় দিনা মানুহৰ বিহু বুলি কোৱা হয়। সেইদিনা মাহ- হালধীৰে গা ধুই নতুন কাপোৰ মানুহে পিন্ধে আৰু ইজনে সিজনক বিহুৱান দিয়ে। তৃতীয় দিনা গোসাঁইৰ বিহু বুলি কোৱা হয় । সেইদিনা ঘৰৰ গোসাঁই ঘৰত বা মন্দিৰ , নামঘৰত শৰাই দিয়া হয় আৰু ভগৱানৰ চৰনত আঁশিষ বিচাৰে সকলোৱে যাতে বছৰটো ভালে কুঁশলে যায়।

 

অসমীয়াৰ বাপতি সাহোন বহাগৰ বিহুতি হ’ল আনন্দৰ উৎসৱ। বিহুৰ নাম শুনিলেই অসমীয়াৰ মন প্ৰাণ নাচি উঠে। বিহুত বিহু নাচ , গানৰ মাজেৰে এই উৎসৱটি পালন কৰা হয়। ঘৰে ঘৰে বিহু হুঁচৰি গোৱা হয়।বিহুত জেতুকা লগোৱাটো অসমীয়া সমাজৰ পৰম্পৰা। নাচনীয়ে জেতুকাৰ বোলেৰে হাত বুলাই বিহু নৃত্য পৰিবেশন কৰে। বিহুত বিহু নৃত্য , বিহু কুঁৱৰী,গান আদিৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। খেল ধেমালি , লাৰু পিঠা প্ৰতিযোগিতা ও অনুষ্ঠিত কৰা হয়।বিহুত লাৰু, পিঠা , দৈ ,চিৰা আদি খোৱা অসমীয়া সমাজৰ পৰম্পৰা। ঠাই বিশেষে ১৪ বিধ শাক আৰু দৈ পইতা খোৱাও হয় । ইজনে সিজনক বিহুৱান দি বিহুৰ ওলগ জনাই।

 

অসমৰ লগতে অসমৰ দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো কোনো জাতি জনজাতিৰ লোকে বিহু উদযাপন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট হ’ল ই জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বহাগ বিহু হৈছে অসমীয়া সাংস্কৃতিৰ অবিচ্ছেদ্য অঙ্গ। আমাৰ জাতীয় উৎসৱ বিহুক লৈ আমি গৌৰৱবোধ কৰোঁ।

 

 

হিমাদ্ৰী বৰকটকী

                              শিৱনগৰ , ২ নং উপপথ

                                       নগাঁও