ব’হাগ  বিহু – লখিমী  শৰ্মা

Pc The Assam Tribune
ব’হাগ  বিহু 
সাধাৰণতে  ক’বলৈ  গ’লে ,  তিনিটা  বিহুৰ  ভিতৰত  ব’হাগ বিহুটো  সকলোৰে  প্ৰিয়  । এই  বিহু  অহাৰ   আগত  গছৰ  আঁৰৰ পৰা  কুলি চৰাই  জনীয়েও  দি  যায়  ব’হাগ  বিহু  অহাৰ   বতৰা  ।  গছবোৰতো  ন  ন  কুহিপাতে  পোখা  মেলে  । ঘৰে  –  ঘৰে  লাড়ু , পিঠাৰ  যোগাৰ , শিপিনী সকলো ব্যস্ত  হয়  কাপোৰ  –  কানি  বোৱাত , বিহুৰ  কৰ্মশালাত  সকলো  ব্যস্ত  বিহু  নচাত , ব’হাগ  বিহুৰ  আগদিনা  গৰু বিহুৰ  দিনা  গৰুক মাখিয়তী দীঘলতীৰে কোবাই কোবাই   নৈ , পুখুৰী আদি  লৈ  লৈ  গৈ  মাহ – হালধীৰে গা  পা  ধুৱাই  লাও চাত , বেঙেনা চাত গৰুৰ গা লৈ দলিয়াই  এইদৰে কয়  ——  লাও খা , বেঙেনা খা , বছৰে বছৰে বাঢ়ি যা ,, মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু । ঘৰলৈ  আনি  গধূলি সময়ত  নতুন  পঘাৰে  বান্ধি  গৰুক  বিচনীৰে  বিচি  দিয়ে  । দিনত  এশ  এবিধ  শাকৰ  জুতি  লয়  সকলোৱে  ।  গধূলি সময়ত ঘৰৰ জপনা মুখত মাখিয়তী দীঘলতী  আদি  গোটাই  লৈ  জ্বলাই  জাক  দিয়ে  ম’হ  মাখি  খেদি  ।  আৰু  দিনৰ  ভাগত  নহৰু  খুন্দি  লৈ  পানীত  মিলাই  ঘৰৰ ভিতৰে  বাহিৰে  চটিয়াই  । আৰু  এই  বিহুত  নাহৰ  পাতত এই  মন্ত্ৰটো লিখি  ঘৰৰ ওপৰত  গুজি  থৈ  দিয়ে বতাহ  ধুমুহাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ——   ” দেৱ দেৱ মহাদেৱ , নীলগ্ৰীৱ জটাধাৰী , বাত  বৃষ্টি  হৰং দেৱ , মহাদেৱ  নমস্তোতে   ” । গৰু  বিহুৰ  দিনা ৰাতিত  সকলোৱে  জেতুকা  লগাই । বিহুৰ  দিনাখন  মাহ  –  হালধীৰে  গা পা  ধুই  সৰুৱে  ডাঙৰক  সেৱা  কৰি  জা – জলপান  খাই । সৰু  ডাঙৰ সকলোৱে  মিলি  হুচৰি  মাৰিবলৈ বুলি  জাকে  জাকে  ওলাই  যায় । দিনতো আৰু ৰাতিয়ো  । ৰাতিৰ  ভাগত  জেং  বিহু  (  হুঁচৰি  )  লৈ  বুলি  গাভৰুহঁত  ঢাপলি  মেলে খোপাত  কপৌ  ফুল গুজি  লৈ  মুগাৰ  সাঁজ  পিন্ধি  । হুঁঁচৰি  মাৰি  পোৱা  পইচাৰে  ভোজ – ভাত  খাই  কোনোৱে  হয়টো  ভগাই  লয় ।
   লখিমী  শৰ্মা
যোৰহাট