বহাগ বিহু আৰু অসমীয়া সমাজত ঢেঁকীশাল, ভঁড়াল, ৰান্ধনীশালৰ এক চমু অৱলোকন- মৃগাংক বৰুৱা

pc facebook

বহাগ বিহু আৰু অসমীয়া সমাজত ঢেঁকীশাল, ভঁড়াল, ৰান্ধনীশালৰ এক চমু অৱলোকন

”ক’লা চোলাই নুশুৱাই তোক ঐ সাদৰী
বগা চোলাই নুশুৱাই তোক
ৰংপুৰ জিলাতে আছে ৰঙা চোলা
আনি দিম শুৱাব তোক”

ভেবেলী লতা ফুলোৱা বহাগ ঘূৰি ঘূৰি আহে, চ’তৰ উদঙীয়া বতাহে অসমীয়াৰ মন ৰঙাই তোলে বহাগৰ বিহুত।

অসমীয়া সংস্কৃতিৰ প্ৰতীক বিহু। কৃষিক কেন্দ্ৰ কৰি অসমীয়া জাতীয় কৃষ্টিয়ে যি স্বকীয় ৰূপ ললে তাৰ ইতিহাস যেন বৰলুইতৰ পাৰে পাৰে জিলিকি আছে। আদিম জনসমাজে জীৱন অৱলম্বনক কেন্দ্র কৰিয়ে লোক উৎসৱ বোৰ উদযাপন কৰিছিল। সেয়ে কৃষিভিত্তিক জীৱন ধাৰাৰে পালন হৈ অহা লোক- বিশ্বাস, লোকাচাৰ, ৰীতি-নীতি, আধ্যাত্মিক কিছুমান ধ্যান ধাৰণা তথা পৰম্পৰাৰে বহাগ বিহু লোক সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্যৰে স্বয়ং সম্পূৰ্ণ। বিহুত পালন কৰা বিভিন্ন অনুষ্ঠান, ক্ৰিয়া-কৰ্ম আদিৰ মাজত অসমীয়া জনজীৱনৰ এখন সুন্দৰ ছবি পৰিস্ফুট হয়। পিছে কালক্ৰমত এই বিহুলৈ পৰিৱৰ্তন আহিল। সেয়ে এসময়ৰ গছ তলৰ বিহু মঞ্চ পোৱাৰ লগতে অনান্য পৰিৱৰ্তনো হ’ল। কালক্ৰমত স্বাভাৱিকতে ইয়াৰ পৰিৱৰ্তন অৱশ্যম্ভাৱী বুলি ধৰি ল’ব লাগিব। উল্লেখ্য যে আদিম সংস্কৃতিৰ বুকুত জন্ম হোৱা বিহু নানা পৰিৱৰ্তন আৰু পৰিৱৰ্ধনৰ মাজেৰে আজিৰ ৰূপ পাইছেহি। এনেকৈয়ে বিহু পালন কৰি থাকোতেই অষ্টাদশ শতিকাৰ আগভাগত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰৰ ৰংঘৰৰ বাকৰিলৈ বিহুক আদৰি আনিলে। বিহুৱে ৰাজকীয় স্বীকৃতি লাভ কৰিলে।
বহাগ বিহু বুলি ক’লেই অসমীয়া সমাজত সজীৱ হৈ থকা কেইবিধমান সম্পদৰ কথা মনলৈ আহে। সেইকেইটা হ’ল- ভঁড়াল, ঢেঁকীশাল, ৰান্ধনিশাল। এটা কথা আমি মন কৰিবলগীয়া যে এই সম্পদকেইবিধৰ পুৰামাত্ৰাই ব্যৱহাৰ হ’ব অথবা জীয়াই থাকিব তেতিয়া, যেতিয়া আমাৰ কৃষি পথাৰসমূহ শস্যৰে তৰুণ হৈ থাকিব আৰু বিহুত আনন্দৰ জোঁৱাৰো তেতিয়াই উঠিব। সেয়ে… বিহু গীতত গায় –‘‘তুমি কৰি যাবা ৰোৱনী–দাৱনী ,মইনো বাই যাম হাল” । মুঠতে মাটি আৰু জীৱনক নিবিড় কৰি দিয়ে পথাৰে । আমাৰ লোক–সংস্কৃতিত বিহু, পথাৰ, ভড়াঁল,ৰান্ধনিশাল,ঢেঁকীশালৰ লগত সাঙোৰ খাই থকা হাল, মৈ ,গৰু,কঠীয়া,কাচি,কুলা,চালনী,ঢেঁকী,খুবলি,মৰণা,আখৈ,সান্দহ,চিৰা,পিঠাৰ উল্লেখ বিভিন্ন লোকগীত,লোকবিশ্বাসত মিহলি হৈ অসমীয়া সংস্কৃতিৰ নিভাজঁ পৰিচয়দাঙি ধৰিছে।
চোতালৰ এমূৰে কেচাঁকৈ চাংঘৰ সাজি লোৱা অসমীয়া মানুহৰ ভড়াঁল গোসাঁই ঘৰৰ দৰে শ্ৰদ্ধাৰ ,পবিত্ৰতাৰ প্ৰতীক। ধান কটা শেষ হ’লে তিনি গোছা ধান আগলি কলপাতত মান–সৎকাৰেৰে আনি ভড়াঁলত সুমুৱাই মাহ প্ৰসাদৰ নৈবেদ্য আগবঢ়াই চাকি –বন্তি দি ‘লখিমী সুমুওৱা’ অনুষ্ঠান পালন কৰা হয় । অসমীয়া সমাজত ভড়াঁলত কেতিয়াও বাহি গাৰে সোমাব নেপায় বুলি বিস্বাস আছে। আকৌ বৃহস্পতি বাৰে ভৰাঁলৰ পৰা ধান নুলিয়ায় । বিহু –সংক্ৰান্তি , দীপান্বিতা , লক্ষীপূজা আদিত ভৰাঁল মচি –কাচি, চাকি –বন্তি দিয়া নিয়ম পালন কৰা হয় । গাৱৰ মানুহে ভৰাঁল এটি সাধাৰণতে বাহঁ – কাঠেৰে নিৰ্মান কৰে যদিও আজিকালি কোনো কোনোৱে পকীকৈয়ো ভড়াঁল বনাই ল’বলৈ ললে । ভৰাঁলৰ গাধৈখনো গৃহস্থই ঘৰুৱা প্ৰয়োজনীয় বস্তু কিছুমান থোৱাৰ স্থান হিচাবে লয় ।
ঢেঁকীশাল বুলিলে একোখন খেৰৰ চালিৰে সৈতে পূৰণি দিনৰ গাওঁ সমূহলৈ মনত পেলাই দিয়ে অথবা তেতিয়া পিৰালিতে ঢেঁকী পতা হৈছিল । খৰাহি,পাচি,কুলা , চালনী,বাঢ়নী মাৰীৰে ঢেঁকীশাল শুৱনী হৈ থাকে । অসমীয়া মানুহে ভৰ দুপৰীয়া, মুনি–চুনি বেলিকা ঢেঁকী নামাৰে । কুলাৰ বুকুত চালনী,খুবলিৰ বুকুত থোৰা ঢেঁকীৰ লগত বাঢ়নী মাৰি থ’ব লাগে বুলি প্ৰচলিত নিয়ম ।
পূৰ্বৰ এখন ঘৰৰ ৰান্ধনিশালখন গোঁসাই ঘৰৰ পবিত্ৰতাৰে ভৰা । বহু বছৰৰ আগৰ প্ৰতিঘৰ গাৱৰ অসমীয়া মানুহৰ ৰান্ধনিঘৰৰ মজীয়া কেঁচাকৈ ৰখাৰ নিয়ম কাৰণ বেলেগ পাগত খোৱা আলহী , ভকত আহিলে পাকঘৰৰ এচুকত টৌ খুঁটি মাৰিবলৈ সহজ । জুইশাল বা জুহাল হয় ভাত খোৱা মজিয়াৰ একাষতে পতা হয় বা তাৰ বাবে আছুতীয়াকৈ কোঠা এটা থাকে । পূব অথবা উত্তৰ মুৱাকৈ সাজি লোৱা মাটিৰ দুটা চৌকা অসমীয়া ৰান্ধনিঘৰৰ এক সুকীয়া পৰিচয় আছে । পূৰণি দিনৰ ৰান্ধনিশালত থাকে বাহেঁৰে সজা এখন পানীচাং,ইয়াত থয় টেকেলী,কলহ, মলাত পিঠাগুড়ি, সান্দহ আদি । এই ৰান্ধনিশালবিলাকৰ মজিয়াৰ বেৰত ওলমি আছিল তেলৰ বটল, পিঠাগুড়ি চলা ডলা–চালনী,দাঁত খৰকিয়াবলৈ খৰকি থোৱা চুঙা আৰু মজিয়াৰ বেৰৰ মাটিত আঁউজাই থোৱা থাকে সৰু–বৰ ভাগে ভাগে পীৰা । অতীজৰ ৰান্ধনিশালৰ ধোৱাঁ চাঙৰ গুৰুত্বতাও খূব বেছি আছিল । বিহু আহিলেই এগৰাকী গৃহিনীৰ জুহালৰ জুই নুনুমাই । দিনে ৰাতিয়েই পিঠা বনোৱা কামত ব্যস্ত থাকে অসমীয়া ছোৱালী–বোৱাৰী ।
এতিয়া কথা হ’ল আমাৰ পুৰণি দিনৰ পৰম্পৰা তথা পুৰণি সম্পদসমূহৰ কথা জানিবলৈ নতুন প্ৰজন্মই চেষ্টা কৰিব লাগিব । তেওঁলোকে বুজিব লাগিব বিহু তথা আমাৰ পৰম্পৰাগত সম্পদসমূহ অসমীয়া জাতিৰ সাংস্কৃতিক আৰু আৰ্থ–সামাজিক জীৱনৰ প্ৰতিচ্ছবি । আনক অনুকৰণ কৰিবলৈ গৈ আমি আমাৰ কলা –সংস্কৃতিক বিসৰ্জন দিছোঁনিকি অতি সজাগ হৈ আত্মবিশ্লষণ কৰিব লাগিব । এইটো ঠিক যে আমাৰ বাপতিসাহোন বিহুত পৰিৱৰ্তন আহিছে । আধুনিকতাই তাত কিছু ৰহন লগাইছে আৰু কিছু বাদ পৰিছে । সেয়ে আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে ‘ কিছু ল’ব লাগে আৰু কিছু দিব লাগে’ কথাটোত গুৰুত্ব দি আমি আগুৱাই গৈ আমাৰ বিহুক নতুন পথত বিশ্বদৰবাৰত তুলি ধৰিব লাগে । এই দ্বায়িত্ব আমি প্ৰতিজন অসমীয়াই ল’ব লাগিব । তেতিয়াহে আমাৰ বিহু আধুনিকতাৰ মাজেৰে গৈ নিজা এক বৈশিষ্ঠৰে জিলিকি থাকিব ।

প্ৰসংগ পুথিঃ
‘অসম লোক সংস্কৃতি- নিৰ্মলপ্ৰভা বৰদলৈ

মৃগাংক বৰুৱা
বনগাঁও(কছাৰীহাট)