বহাগ বিহুৰ স্মৃতিগ্ৰন্থ – সত্যজিৎ গগৈ

PC - Wikipedia
বহাগ বিহুৰ স্মৃতিগ্ৰন্থ
সত্যজিৎ গগৈ
এতিয়া বহাগ বিহুৰ বতৰ।চাৰিওফালৰ আকাশ বতাহ ঢোলৰ গোমগোমনিত ৰজনজনাই আছে।বহু ঠাইত দুই তিনি-দিনিয়াকৈ মঞ্চ বিহুৰো আয়োজন কৰিছে। বহু বিহু কমিতিক চৰকাৰেও আৰ্থিক বৰঙনি দি সহায় কৰিছে।কোন বিহু মঞ্চই কোন শিল্পীক নিমন্ত্ৰণ জনাইছে।তাৰেই প্ৰতিযোগিতা চলিছে।ইতিমধ্যেই কোন শিল্পীয়ে কিমান টকা ল’ব।তাৰ আগতীয়া তালিকা বাতৰি কাকত আৰু নিউজ চেনেল সমূহত প্ৰকাশ পাইছে।সমান্তৰালকৈ প্ৰতিখন বিহু মঞ্চই একোখনকৈ স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰিছে।গ্ৰন্থখনৰ বাবে হয়তো স্থানীয় লেখকৰ লগতে বহু অতিথি লেখকৰো লেখা বিচাৰি চিঠি প্ৰেৰণ কৰিছে।তাৰে ভিতৰত বহু লেখকে লেখা পঠিয়াইছে আৰু বহুতে পঠিওৱা নাই। এতিয়া কথাটো হ’ল যে বিহু মঞ্চত গীত পৰিবেশনৰ বাবে শিল্পী সকলক লাখ লাখ টকা কমিতি সমূহে দিয়ে।কিন্তু লেখক-লেখিকা সকলক লেখাৰ বিনিময়ত নূন্যতম ২০০০ টকা দিবলৈ বিহু কমিতি সমূহে কিয় সিধান্ত গ্ৰহণ নকৰে? বহু বিহু কমিতিয়ে লেখা প্ৰকাশৰ পিচতো লেখকলৈ গ্ৰন্থ এখন প্ৰেৰণ কৰিবলৈও পাহৰি থাকে। লেখক-লেখিকা সকলে কিমান কষ্ট কৰি,তথ্য সমূহ সংগ্ৰহ কৰি,মানসিক কষ্ট কৰি লেখা এটাক নিৰ্মাণ কৰে।সেই কষ্টখিনিৰ সন্মান হিচাপে লেখক সকলক এখন গ্ৰন্থ উপহাৰৰ লগতে নূন্যতম দুই হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে।তেতিয়াহে লেখক লেখিকা সকল জীয়াই থাকিব।অন্যথা তেনে স্মৃতি গ্ৰন্থ সমূহ প্ৰকাশৰ কোনো মূল্য নাথাকিব।সেয়েহে এই বিষয়টো বিহু কমিতি সমূহৰ দৃষ্টিগোছৰ হোৱাকৈ প্ৰেৰণ কৰিলোঁ।যদি বিহু কমিতি সমূহৰ দৃষ্টি আকৰ্ষণ হৈ তেওঁলোকে উচিত সিধান্ত গ্ৰহণ কৰে।তেতিয়া নিশ্চয় আগলৈ লেখক-লেখিকা সকলেও লিখিবলৈ প্ৰেৰণা পাব।ইয়েই হ’ব লেখক-লেখিকা সকলৰ প্ৰতি সম্পাদক সকলৰ সন্মান।