বহাগ
বহাগ যে এতিয়া মোৰ পদূলিত
তগৰৰ কলিয়ে মাৰিছে মিচিকি হাঁহি।
বহাগ নহয় যে এটি ঋতু,
ই যে প্ৰকৃতিৰ স্বাভিমান।
আবেগত পিছল হয় ডেকা-গাভৰুৰ মন!
তুমি আহিবা বুলি কোনোবা ,
চেনেহীয়ে বয় চেনাইৰ বাবে গুটি ফুলৰ গামোছা।
লঠঙা দেহক সেউজীয়াই আলিংগন কৰি,যাচে চুমা।
লঠঙা দেহক সেউজীয়াই আলিংগন কৰি,যাচে চুমা।
বতাহৰ সুহুৰিত কপৌফুলে হালে জালে
কুলি কেতেকীৰ মিঠা মাতে আনে,বসন্তৰ বতৰা!
তাকে দেখি নাচনীৰ কৰে গা সাতখন আঠখন।
ঢুলীয়াই নিয়ে ঢোলটি ছোৱাবলৈ,
কুলি কেতেকীৰ মিঠা মাতে আনে,বসন্তৰ বতৰা!
তাকে দেখি নাচনীৰ কৰে গা সাতখন আঠখন।
ঢুলীয়াই নিয়ে ঢোলটি ছোৱাবলৈ,
চেনেহৰ বিহুটি আহি পালেহি যে কাষৰতে।
ককায়ে ঠিক কৰে ঢেঁকীৰ খুবলী কতৰা,
ককায়ে ঠিক কৰে ঢেঁকীৰ খুবলী কতৰা,
আইতাই চোতালতে বহি বান্ধে ,
মৰাপাতৰ পঘা।
এনেকৈয়ে আহি পায়হি অতি আদৰৰ,
এনেকৈয়ে আহি পায়হি অতি আদৰৰ,
ৰঙালী বিহুতি।
পাহাৰী শইকীয়া
যোৰহাট
যোৰহাট
