বহাগ তুমি অনন্যা – এছ ইছলাম শিক্ষক 

Pc youtube
বহাগ তুমি অনন্যা
          এছ ইছলাম শিক্ষক 
          পঃমইনবৰী বৰপেটা
চ’তৰ শেষত
বহাগৰ আগমন
গছে গছে মেলে
ন ন কুঁহিপাত
আমে মলিয়ায়
কঠালে পেলায় মুচি
আই বসুমতী হৈ পৰে শুচি
আহ! সচাঁকৈয়ে
বহাগ তুমি অনন্যা।
কপৌ ফুলিল
মালতী ফুলিল
ফুলিল শেৱালি ফুল
হাচনাহানাৰ সুবাসত
হৃদয় আমোলমোল
আহ! সচাঁকৈয়ে
বহাগ তুমি অনন্যা।
সেউজীয়া ধৰণী
ফলে-ফুলে জ্যোতিষ্কাৰ
কুলি-কেতেকীয়ে গছৰ ডালত
শুৱলা সংগীত গায়
ইয়ে আমাৰ হৃদয় জুৰায়
আহ! সচাঁকৈয়ে
বহাগ তুমি অনন্যা।
ধাৰাসাৰে বৰষুণত
বুৰি পেলায় খাল-বিল
কেৱল পানী আৰু পানী
ওপচি পৰে নদ-নদীৰ দুয়ো কুল
বতাহত হালে-জালে
কঁহুৱা ফুল।
ফেনেফোটোকাৰে বৈ যায়
প্ৰেমৰ ঐ জাঁজি
ৰৌ বৰালি চিতল পুঠিয়ে
উজান ধৰে
মাছমৰীয়াই মাছ ধৰে
অনায়াসে
আহ! সচাঁকৈয়ে
বহাগ তুমি অনন্যা।