বহাগ
কুমুদ চন্দ্ৰ মেধি
দুবৰি বনৰ
শুকালে নিয়ৰ
শীতৰ শেষ ৰাতি,
বসন্তই আনিলে
ফাগুনৰ বতৰা
ধূলিৰে পচোৱা মাতি।
বসন্ত আদৰি
গছ লতা ভৰি
ন-ন কুঁহিপাত,
গছৰ ডালত
কুলিয়ে জুৰিলে
মৌ-সনা মিঠা মাত।
ৰমকে জমকে
বহাগী সাজিলে
ন-কইনাজনী হৈ,
ঢোল পেঁপাৰে
বিহুৱা ওলালে
বিহুৱান লগতে লৈ।