বহাগ আহে এনেকৈয়ে
মোৰ মাথোঁ এটাই চোলা,
তাৰো যে দুই বাহুৱেই ফটা ?
বিহুৰ বতৰত
খাৰণিৰে ধোঁৱা
এটা ফুৰফুৰীয়া গন্ধ তাৰ
কিন্ত গন্ধটো বৰ মিঠা !
ভাবিছিলো,
মই কবিতা লিখিম
ভাবিছিলো,
এদিন মই বেহেলাও বজাম
অসমাপ্ত এটা জীৱন লৈ আহিছিলো পৃথিৱীলৈ –
একোকে নহ’ল মোৰ ! —
অসমৰ আকাশত সেয়া বাৰু কিহৰ
ফেহুজালি ?
বহাগৰ বন্যাত সেয়া কিহৰ
কলধ্বনি ?
আজি মই কবিতা লিখিম
আৰু
বেহেলাও বজাম ||
Tulip Bhuyan