ব’হাগ আহি আছে – আয়নাল হক

ব’হাগ আহি আছে
আয়নাল হক ,ধুবুৰী 
ক্ৰমান্বয়ে সেউজীয়া হৈ অহা
লঠঙা ডালবোৰত বসন্তৰ পৰশ!
প্ৰেমিক চৰাইজনীৰ মাতত
বুকুৰ উপত্যকাত নামি আহে
অনুৰাগৰ ঢল—।
কপৌফুল,ভাটৌফুলৰ মতলীয়া হাঁহিত
ব’হাগে লগাইছে খদম্ দম।
বিহু-চেৰা হয় বুলি
শিপিনীৰ হাতত মাকোঁৰ ঘন পাক।
সীমান্তৰ পৰা ঘৰলৈ অহা জোৱানহঁতৰ ভৰ্তি বেগবোৰত
সুগন্ধি তেল,পাউদাৰ, নতুন কাপোৰ
আৰু পাৰফিউমৰ আমোল-মোল গোন্ধ।
পদূলিলৈ তাঁত-বাতি কৰি থকা বোৱাৰীজনীলৈ
শাহুৱেকৰ কটাক্ষ চাৱনি–
বিহু বুলি ঘৰলৈ অহা ল’ৰাটোকলৈ
তাইৰ কিহৰ ইমান উচ্ পিচনি ?
তথাপিও এবুকু হেঁপাহ লৈ
ব’হাগ আহি আছে বসন্তৰ পথেৰে–
মাতৃৰ বুকু ভৰাবলৈ
পত্নীৰ ওঁঠত হাঁহি বিৰিঙাবলৈ
অসমীয়াৰ ঘৰে ঘৰে
বিহু বুলি শুভাসিষ দিবলৈ…।