ব’হাগ আহিলে
মুন শৰ্মা, লখিমপুৰ
ৰিনিকি ৰিনিকি ভাহে,
দূৰ দুৰণি লৈ নিজানত,
এটি কৰুণ ভৰা কান্দোন।
সেই ঠাই এই সময়,
আজি অতীত হ’ল,
নীৰৱ নিতাল,
নিশব্দ নিবিকাৰ,
ৰংহীন নিৰস,
হেৰুৱা বিষাদৰ কামিজ পিন্ধি,
চকুলো নিজৰা বৈ ৰয়,
আজিকালি সময় আহিলে অনবতে।
বিৰিখৰ কান্দোন শুনে বাটৰুৱাই
লাহৰী নাচনী পাহুৱাল ঢুলীয়া
হেৰাল কেতিয়াবাই পদধূলা তাত।
বৰ গছ, পথাৰ সিহঁত আছে,
পিছে বলিয়া ব’হাগৰ পাগল প্ৰেমিক যুগল
নাই তাত,ৰং সানিবলৈ দুনাই উভতি নাহে।