ব’হাগ’ৰ ৰূপহী
ছেলিমা বেগম ,নগাঁও
ব’হাগ আহিলে, গছে নতুন পিন্ধিলে,
ঋতু ৰাজ বসন্তক আদৰিবলৈ
নানা ফুল ফুলি ধৰণী’ক স্বাগতম জনালে ।
ব’হাগ মাহৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ
ধূপৰ পাত লাজুক লাজুক চাৱনীৰে
হাবি জঙ্ঘল নদীৰ পাৰে পাৰে বগা
সাজ পৰিধান কৰি নতুন ৰূপ লৈ
যৌৱন ধাৰণ কৰি ঋতু ৰাজৰ
অপেক্ষাত বহি আছে
কুঁহি কুঁহি মাতি আছে।
ব’হাগী’ৰ মাত শুনি ৰ’ব’কে নোৱাৰে
ৰাজকোঁৱৰ ৰূপহী প্ৰেমত দুগ্ধ হৈ
কুঁহি পাতে পাতে বিবাহৰ প্ৰস্তাৱ দিয়ে।
দুয়ো দুয়োৰে বিবাহ এবেলি বহাগতে
নিমন্ত্ৰণ দিয়ে নাহৰ,কপৌ,তগৰ , গোলাপ
সভাই আহি উপস্থিত ব’হাগ মাহতে ।
কুলি, কেতেকী আহিছে বিয়াৰ গীত
গাই থাকিব ইনাই-বিনাই।